• চৰ্চাত আছে আপৰ সাংসদ ৰাঘৱ চাধা আৰু পৰিণীতি চোপ্ৰাৰ ডেটিং! কেতিয়াৰে পৰা চিনাকি দুয়ো? পৰিণীতি সম্পৰ্কত কি ক’লে ৰাঘৱে? জানক

    মনোৰঞ্জন
    চৰ্চাত আছে আপৰ সাংসদ ৰাঘৱ চাধা আৰু পৰিণীতি চোপ্ৰাৰ ডেটিং! কেতিয়াৰে পৰা চিনাকি দুয়ো? পৰিণীতি সম্পৰ্কত কি ক’লে ৰাঘৱে? জানক
    ডিজিটেল ডেস্কঃ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাধাক লৈ আলোচনাৰ অন্ত নাই। একেৰাহে দুদিন ধৰি মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত একেলগে দেখাৰ পিছত সকলোৱে অনুমান কৰিলে যে দুয়োগৰাকী ইতিমধ্যে সম্পৰ্কত আৱদ্ধ হৈছে।

    সেই অনুমান কিমান শুদ্ধ, তেওঁলোক ঘনিষ্ঠ বন্ধু এজনে বিশেষ ইংগিত  দিলে। কয়- “একদম সঠিক! পৰিনীতি আৰু ৰাঘৱৰ ডেটিং চলি আছে। বহুদিনৰ পৰা চিনাকি। কিন্তু শেহতীয়াকৈ বন্ধুত্বই বেলেগ ৰূপ লৈছে।"

    ইতিমধ্যে এই সন্দৰ্ভত ৰাঘৱৰ মতামত পোহৰলৈ আহিছে। নতুন দিল্লীৰ বাসিন্দা তথা সংসদৰ কনিষ্ঠতম নেতা ৰাঘৱক শুকুৰবাৰে সংসদ ভৱনত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকসকলে এই বিষয়ে কৰে। আপৰ সাংসদজনে কয়- "পৰিনীতিৰ কথা নহয়, ৰাজনীতিৰ কথা সোধক!" তাৰ পিছত ৰাঘৱে ক'লে, "আমি বিয়া হ'লে নিশ্চয় জনাম। " উত্তৰ দিওঁতে ৰাঘৱৰ মুখখন ৰঙা পৰি গৈছিল।

    অনুৰাগীসকলেও তেওঁলোকক একেলগে দেখি আনন্দিত হৈছে। কোনোবাই লিখিছে, "একেলগে কিমান ধুনীয়া লাগিছে!" আন এজনে লিখিছে, “সঁচাকৈয়ে যদি সিহঁতৰ প্ৰেম হৈছে, মই বৰ সুখী!”

    উল্লেখ্য যে ৰাঘৱে ইংলেণ্ডৰ লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছিল। আনহাতে, প্ৰিয়ংকা চোপ্ৰাৰ সম্পৰ্কীয় ভগ্নী পৰিনীতিও ইংলেণ্ডৰ মানচেষ্টাৰ বিজনেছ স্কুলৰ প্ৰাক্তন ছাত্ৰী। যশ ৰাজ ফিল্মছৰ অধীনত বলীউডত প্ৰৱেশ কৰে পৰিণীতাই। শুনা যায় যে দুয়োৰে মাজত প্ৰথম কথা-বতৰা ভাৰতত নহয়, লণ্ডনত হৈছিল। এতিয়া দুয়োৰে মাজত আন্তৰিকতা কি পৰ্যায়লৈ যায়, সেয়া লক্ষ্যণীয় হৈ পৰিছে।