ডিজিটেল ডেস্কঃ সোমবাৰে কলিয়াবৰৰ শান্তিপুৰত এগৰাকী মহিলা ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত মঙলবাৰে নিশা বৰঘুলিতো ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ।
নিশা নিজ গৃহৰ গা-ধোৱা ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ । কলিয়াবৰ ৩ নং বৰঘূলীত সংঘটিত হৈছে এই ঘটনা।
মৃত অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকী দিনেশ্বৰ তিয়াৰীৰ পত্নী ৰিংকী তিয়াৰী । ঘটনাৰ সময়ত স্বামী ঘৰত নাছিল , আছিল একমাত্ৰ শহুৰেক।
চাৰি বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ৰিংকী সন্তানহীন আছিল । ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
ৰিংকীৰ মৃত্যু ৰহস্যক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
Leave A Comment