ডিজিটেল ডেস্ক: চলচ্চিত্ৰ উদ্যোগ মানে নায়ক নায়িকা। য'ত নায়ক আৰু নায়িকাসকল চিনেমাৰ অলংকাৰ। কিন্তু তথাপিও পাৰিশ্ৰমিকৰ ক্ষেত্ৰত নায়কসকল নায়িকাসকলতকৈ বহু আগবাঢ়ি আছে। এই লৈ নায়িকাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। কিন্তু বলীউডত এনেকুৱা হ’লেও হলিউডত প্ৰিয়ংকা চোপ্ৰাই এক বেলেগ ঘটনাৰ সাক্ষী হৈ পৰিছে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বিশেষ মন্তব্য আগবঢ়ায় প্ৰিয়ংকাই।
বৰ্তমান প্ৰিয়ংকা ব্যস্ত হলিউডৰ ছবি ‘চিটাডেল’ৰ প্ৰচাৰত। সেই প্ৰচাৰৰ মাজতে এটা সাক্ষাৎকাৰত প্ৰিয়ংকাই কয়, "হয়তো মোৰ কথাৰ ওপৰত বিতৰ্ক আৰম্ভ হ'ব পাৰে।" তথাপিও মই ক’ব বিচাৰিছো যে বিগত ২২ বছৰ ধৰি মই মনোৰঞ্জন জগতত বিভিন্ন ধৰণৰ কাম কৰি আহিছো। কিন্তু সদায় নায়কসকলতকৈ কম দৰমহা দিছিল। অৱশ্যে চিটাডেলৰ নায়ক ৰিচাৰ্ড মেডেনে প্ৰথমবাৰৰ বাবে সমান পাৰিশ্ৰমিক দিছে। যিটোত সঁচাকৈয়ে ভাল লাগিছে।”
প্ৰিয়ংকা এসময়ত মুম্বাইৰ ‘দেশী গাৰ্ল’ আছিল। কিন্তু এতিয়া তেওঁ USA ত থাকে। হলিউডত প্ৰিয়ংকাৰ প্ৰথম ধাৰাবাহিক আছিল ‘কুৱাণ্টিকো’। তাৰ পিছত তেওঁ কেইবাখনো চিনেমাত অভিনয় কৰে। প্ৰিয়ংকাই ‘দ্য মেট্ৰিক্স ৰিজাৰেকচনছ’ চিনেমাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিছুদিন তেওঁ জীয়েক মালতীৰ লগত ব্যস্ত হৈ পৰিছিল যদিও পিছলৈ তেওঁ পুনৰ ‘চিটাডেল’ৰ কামত মনোনিৱেশ কৰিলে।
Leave A Comment