ডিজিটেল ডেস্কঃ বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই সদায় তেওঁৰ স্বামী নিক জোনাছক লৈ উৎসাহিত আৰু গৌৰৱান্বিত। যেতিয়াই তেওঁ সুযোগ পায় নিকক প্ৰশংসা নকৰাকৈ নাথাকে। "চিটাডেল"ৰ এখন সংবাদমেলতো প্ৰিয়ংকাৰ মুখত শুনা গ’ল নিকৰ প্ৰসংগ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰিয়ংকাই কয় যে নিকৰ কেতবোৰ আচৰণে তেওঁক দেউতাকৰ কথা মনত পেলাই দিয়ে।
উল্লেখ্য প্ৰিয়ংকা চোপ্ৰাৰ হলীউড শৃংখলা 'চিটাডেল' অহা সপ্তাহত মুক্তি পাব।সেয়ে অভিনেত্ৰীগৰাকী বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে। প্ৰচাৰৰ সময়তে প্ৰিয়ংকাই স্বামী নিক জোনাছক প্ৰশংসা কৰে।প্ৰিয়ংকাই কয় "যেতিয়া মোৰ মায়ে ব্যক্তিগত অনুশীলন আৰম্ভ কৰিছিল, তেওঁ দেউতাৰ তুলনাত বহুত বেছি উপাৰ্জন কৰিছিল।
মোৰ দেউতাই কেতিয়াও এইক্ষে্ৰত বাধা দিয়া নাছিল। তাৰ পৰিৱৰ্তে, মোৰ দেউতাই কৈছিল, 'সকলো উপাৰ্জনতো ঘৰলৈয়েই আহি আছে। মই নিকৰ মাজতো এই গুণটো দেখিছো। তেওঁ মোৰ সফলতাত হীনমন্যতাত ভোগা নাই। ইয়াৰ বিপৰীতে তেওঁ মোৰ সফলতাৰ বাবে মোতকৈও বেছি উৎসাহী।’’ প্ৰিয়ংকাৰ মতে, নিকৰ এই গুণটোৰ বাবেই নিকক তেওঁৰ কেতিয়া দেউতা দেউতা লাগে৷
Leave A Comment