ডিজিটেল ডেস্ক: পাকিস্তানী অভিনেতা ফাৱাদ খানৰ আগন্তুক ছবি ‘লিজেণ্ড অৱ মৌলা জাট’ ভাৰতত অতি সোনকালে মুক্তি পাবলৈ ওলাইছে। ইফালে মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰে এই ছবিখন কোনো কাৰণতে মহাৰাষ্ট্ৰত মুক্তিৰ অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিছে। তেওঁ কয় যে পাকিস্তানী শিল্পীৰ ছবি ভাৰতত কিয় মুক্তি দিয়া হয়?
তেওঁ নিজৰ ছ’চিয়েল মিডিয়া এক্সত লিখিছে, ‘‘শিল্পৰ কোনো ৰাষ্ট্ৰীয় সীমা নাই, যিটো আন ক্ষেত্ৰত ঠিকেই আছে, কিন্তু পাকিস্তানৰ বাবে ই একেবাৰেই অচল ৷ ভাৰতৰ প্ৰতি থকা ঘৃণাৰ বিষয়টোক লৈ দেশৰ অভিনেতাসকলক বিভাজিত কৰি নৃত্য, গান আৰু নিজৰ ছবি প্ৰদৰ্শন কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? চৰকাৰে এই ছবিখন দেশৰ কোনো ৰাজ্যত মুক্তি দিবলৈ দিয়া উচিত নহয়, মহাৰাষ্ট্ৰৰ কথা বাদেই দিয়ক।’’
লগতে তেওঁ প্ৰশ্ন কৰে -"বাকী ৰাজ্যসমূহে কি কৰা উচিত? বৰ্তমান সময়ত এই ছবিখন যে মহাৰাষ্ট্ৰত মুক্তি পাবলৈ দিয়া নহ'ব সেয়া নিশ্চিত। ইয়াৰ আগতেও যেতিয়া এনে ঘটনা সংঘটিত হৈছিল, তেতিয়াও মহাৰাষ্ট্ৰই দিয়া আঘাতৰ কথা সকলোৰে মনত আছে।" নৱনিৰ্মান সেনাৰ তৰফৰ পৰা এতিয়া ছবিগৃহৰ মালিকসকললৈ বিনম্ৰ অনুৰোধ যে ছবি প্ৰদৰ্শনৰ বাবে অনুমতি নিদিয়ে যেন।"
তেওঁ কয় যে, "এই ছবিখন মুক্তিৰ সময়ত নৱৰাত্ৰি উৎসৱ আৰম্ভ হ'ব। মই মহাৰাষ্ট্ৰত কোনো ধৰণৰ সংঘাত নিবিচাৰো আৰু এইটো ৰাজ্যৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু আমাৰ লক্ষ্য। গতিকে আমি সময়মতে ব্যৱস্থা গ্ৰহণ কৰিম যাতে এই ছবিখন আমাৰ দেশত মুক্তি নহয়।"
উল্লেখ্য যে ফাৱাদ খানৰ ‘লিজেণ্ড অৱ মৌলা জাট’ পাকিস্তানৰ লগতে আন দেশত মুক্তি লাভ কৰি পাকিস্তানৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ গঢ়িছে । শেহতীয়াকৈ ভাৰতত জি ষ্টুডিঅ’ই ইয়াৰ কপি ৰাইট ক্ৰয় কৰিছে, ছবিখন আনুষ্ঠানিকভাৱে ২ অক্টোবৰত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে।
Leave A Comment