comScore
  • পঞ্চভূতত বিলীন ৰাজু শ্ৰীবাস্তৱৰ নিথৰ দেহ, অশ্ৰুসিক্ত নয়নেৰে চিৰবিদায় জনালে পৰিয়ালৰ লগতে অসংখ্য গুণমুগ্ধই

    মনোৰঞ্জন
    পঞ্চভূতত বিলীন ৰাজু শ্ৰীবাস্তৱৰ নিথৰ দেহ, অশ্ৰুসিক্ত নয়নেৰে চিৰবিদায় জনালে পৰিয়ালৰ লগতে অসংখ্য গুণমুগ্ধই

    ডিজিটেল ডেস্ক : ২১ ছেপ্টেম্বৰ
    বুধবাৰে পুৱা এই পৃথিৱীৰ পৰা বিদায় লয় বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে। নিজৰ
    কথাৰে সকলোকে হাঁহিবলৈ বাধ্য কৰা ৰাজু শ্ৰীবাস্তৱে সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা বিদায়
    লয়। কালি ৫৮ বছৰ বয়সত দিল্লীৰ এইমছ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আজি তেওঁৰ নিথৰ দেহ
    পঞ্চভূতত বিলীন হয়।



    ছ’চিয়েল মিডিয়াত অক্ষয় কুমাৰৰ
    পৰা কপিল শৰ্মা আৰু প্ৰধানমন্ত্ৰী মোদীলৈকে ৰাজু শ্ৰীবাস্তৱক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
    কৰা দেখা যায়। ১০ আগষ্টৰ পৰা তেওঁক দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৪১দিন
    চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি অৱশেষত ২১ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে ৰাজু
    শ্ৰীবাস্তৱে। মৃতকৰ শেষকৃত্য আজি অৰ্থাৎ বৃহস্পতিবাৰে সম্পন্ন কৰা হয়। ৰাজু শ্ৰীবাস্তৱৰ
    পুত্ৰ আয়ুষ্মানে তেওঁৰ মুখাগ্নি কৰে।পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ বাহিৰেও শ্মশানত
    তেওঁৰ অনুৰাগীৰ বিপুল ভিৰ পৰিলক্ষিত হয় আৰু তেওঁৰ অনন্য সহযোগী কমেডিয়ান সুনীল পালকো
    দেখা গৈছিল।



     মনোৰঞ্জন জগতখনৰ উপৰি ৰাজনীতিৰ
    লগত জড়িত লোকসকলেও ৰাজু শ্ৰীবাস্তৱক শেষ বিদায় দিবলৈ শ্মশানত উপস্থিত হয়। তেওঁৰ
    মৃতদেহ এম্বুলেন্সেৰে দিল্লীৰ নিগম বোধ ঘাটলৈ লৈ যোৱা হয়। অনুৰাগীসকলে অশ্ৰুসিক্ত
    নয়নেৰে শেষ বিদায় জনায়। 








    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388