comScore
  • ‘বাহ্ ললিতজী, ডাইৰেক্ট সুস্মিতাকহে পালে নে? পিতৃ-কন্যা যেন লাগিছে’; ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তৰ কটাক্ষ

    মনোৰঞ্জন
    ‘বাহ্ ললিতজী, ডাইৰেক্ট সুস্মিতাকহে পালে নে? পিতৃ-কন্যা যেন লাগিছে’; ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তৰ কটাক্ষ
    ডিজিটেল ডেস্কঃ আইপিএলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীৰ ‘জীৱন অৰ্ধাংগিণী’ সুস্মিতা সেন। কিছুদিন পূৰ্বে ললিত মোদীয়ে টুইটযোগে এই কথা সদৰী কৰিছিল নিজে। বিয়া নকৰালেও ডেটিঙত থকা বুলি জনাইছে ললিত মোদীয়ে। পিছে, ললিত-সুস্মিতাৰ সম্পৰ্ক এতিয়া মনোৰঞ্জন জগতত চৰ্চাৰ বিষয় হৈ পৰিছে। বলীউডৰ ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তই এইবাৰ দুয়োৰে সম্পৰ্কক লৈ মুখ খোলা দেখিবলৈ পোৱা গৈছে। ললিত-সুস্মিতাৰ সম্পৰ্কক লৈ কটাক্ষ ৰাখীৰ।

    কি কৈছিল ৰাখী সাৱন্তই?

    প্ৰথমতে ৰাখী সাৱন্তই কয়, ‘এই খবৰ প্ৰথম শুনিয়েই মই থতমত খাইছিলো, বৰ ধুনীয়া প্ৰেম কাহিনী।’ পিছত ৰাখীয়ে আকৌ ক’লে, ‘বাহ্ ললিতজী! বৰ ডাঙৰ বাজীত জয় হ’লা। ডাইৰেক্ট, সুস্মিতা সেন! আচলতে, ললিতজী আৰু সুস্মিতাক দেখি পিতৃ-কন্যা যেন লাগিছে। তেওঁ বাৰু প্ৰাক্তন মিছ ইউনিভাৰ্ছ, কিন্তু আপুনি কোন?' 

    ৰাখীৰ এনে মন্তব্যৰ পিছতে নেটিজেনে তেওঁক সোঁৱৰাই দিয়ে যে, ললিত মোদী আইপিএলৰ প্ৰাক্তন অধ্যক্ষ। তেওঁৰ বিৰুদ্ধে চলি আছে আৰ্থিক প্ৰৱঞ্চনাৰ গোচৰ। আৰু এই কথা শুনি ৰাখীয়ে ক’লে, ‘হেৰা ভাই টকা লৈ পলাই গ’লে ডাঙৰ ডাঙৰ নায়িকা পাবই। আজিকালি টকা নাথাকিলে কোনেও পিছলৈ ঘূৰি নাচায়, চোৱাও নাই। কিন্তু ৰাখী সাৱন্ত তেনেকুৱা নহয়, টকাৰ ফালে দৌৰি নাযায়, প্ৰেমৰ ফালে দৌৰে।’

    স্বাভাৱিকতে, ললিত-সুস্মিতাৰ সম্পৰ্কৰ কথা এতিয়া বিভিন্নজনে নানা দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। সেয়া যি কি নহক, ৰাখী সাৱন্তৰ পাছত এ‌তিয়া  ললিত মোদীৰ প্ৰতিক্ৰিয়া হ’ব অধিক তাত্‍পৰ্যপূৰ্ণ।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388