ডিজিটেল ডেস্কঃ ১৭ বছৰ আগৰ এটা গোচৰ৷ লোকচক্ষুৰ সন্মুখতে মিকা সিঙে অভিনেত্ৰী ৰাখী সাৱন্তক জোৰ কৰি চুম্বন কৰিছিল৷ ফলত আদালতত বিষয়টোকলৈ গোচৰ চলি আছিল৷ সুদীৰ্ঘ ১৭ বছৰৰ পাছত ৰাখী সাৱন্তৰ যেন গায়ক মিকা সিঙৰ ওপৰত খং কমিছে।
সেয়ে ২০০৬ চনত ৰাখীয়ে বলপূৰ্বক চুম্বন কৰাৰ অপৰাধত মিকাৰ বিৰুদ্ধে তৰা গোচৰটো প্ৰত্যাহাৰ কৰিছে৷ বৰ অনুসৰি ৰাখী আৰু মিকাই গোচৰটো সমিলমিলেৰে নিষ্পত্তি কৰিছে। জানিব পৰা মতে বৃহস্পতিবাৰে ৰাখীয়ে মিকাৰ বিৰুদ্ধে থকা গোচৰটো প্ৰত্যাহাৰ কৰে।
ন্যায়াধীশ এ এছ গাডকাৰী আৰু এছ জি ডিজেৰ এখন খণ্ড বিচাৰপীঠে ৰাখীৰ আবেদন বিবেচনা কৰাৰ পিছত গোচৰটো খাৰিজ কৰে৷ শপতনামাত ৰাখীয়ে লিখিছে, "আমি সমগ্ৰ ঘটনাটো বন্ধুত্বপূৰ্ণ ভাৱে সমাধান কৰিছো। আমি দুয়োৱে বুজি পাইছো যে সেয়া এটা সম্পূৰ্ণ ভুল বুজাবুজি আছিল। যি কথাই বিষয়টোক অধিক জটিল কৰি তুলিছিল। "
২০০৬ চনত মিকাৰ জন্মদিনত মিকাৰ বিৰুদ্ধে মুম্বাইৰ নাইট ক্লাবত ৰাখীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছিল। মিকাই ৰাখীক বলপূৰ্বক চুম্বন কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল।
Leave A Comment