ডিজিটেল ডেস্কঃ ২০০৬ চনত হৃত্বিক ৰোশনে ‘ধূম ২’ত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ছবিখনৰ জনপ্ৰিয়তা বাঢ়ি যায়। ইয়াৰ পিছত ২০১৩ চনত আমিৰ খানে ‘ধূম ৩’ত অভিনয় কৰে, যাৰ ফলত এই চিকুৱেলখনে বৃহৎ প্ৰশংসা অৰ্জন কৰে। ‘ধূম ৪’ ছবিখনৰ কাষ্টিঙৰ বিষয়ে বহুদিন ধৰি চৰ্চা চলি আছিল, আৰু অৱশেষত ৰণবীৰ কাপুৰৰ নাম পোহৰলৈ আহিল ৷
এক প্ৰতিবেদন অনুসৰি ‘ধূম ৪’ত অভিনয় কৰিবলৈ সাজু হৈছে ৰণবীৰ কাপুৰ। ৱাই আৰ এফ (যশ ৰাজ ফিল্মছ)ৰ বেনাৰত আদিত্য চোপ্ৰাৰ পৰিচালনাত প্ৰি-প্ৰডাকচন পৰ্যায়ত প্ৰৱেশ কৰিছে ছবিখনে। ২০০৪ চনত আৰম্ভ হোৱা ধূম চিকুৱেলছত জন আব্ৰাহাম, অভিষেক বচ্চন আৰু উদয় চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে একচন ধাৰাত নতুন কাহিনীৰ প্ৰৱৰ্তন কৰিবলৈ সক্ষম হয়, য’ত জন আব্ৰাহাম এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
এক সূত্ৰৰমতে আদিত্য চোপ্ৰাই নতুন দৰ্শকৰ বাবে এই ছিকুৱেলচটো পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ পৰিচালক বিজয় কৃষ্ণ আচাৰ্যৰ সৈতে চিত্ৰনাট্যৰ কাম আৰম্ভ কৰিছে । দীৰ্ঘদিন ধৰি ৰণবীৰ কাপুৰৰ সৈতে এই সন্দৰ্ভত আলোচনা চলি আছিল, আৰু তেওঁ ইয়াৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছে। আদিত্য চোপ্ৰাৰ মতে ধূমৰ ছিকুৱেলচ আগুৱাই নিয়াৰ বাবে ৰণবীৰ সঠিক পছন্দ।
উল্লেখ্য যে, ছবিখনত মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে। এইটো হ’ব সম্পূৰ্ণ নতুন ৰিবুট, য’ত পূৰ্বৰ ছবিবোৰৰ কোনো মৌলিক অভিনেতা নাথাকিব। এই ছবিখনত যুৱ প্ৰজন্মৰ দুগৰাকী আগশাৰীৰ অভিনেতাই আৰক্ষীৰ যুটি হিচাপে অভিনয় কৰিব।
ধুম ৪, ধুম ছিকুৱেলচৰ সৰ্ববৃহৎ ছবিয়েই নহয়, ভাৰতীয় চিনেমাৰ বাবেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত ছবি হ’ব। বৰ্তমান কাষ্টিঙৰ কাম চলি আছে, আৰু ছবিখনৰ সৈতে জড়িত অধিক তথ্য অতি সোনকালে প্ৰকাশ পাব । শীঘ্ৰে নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ত দেখা যাব ৰণবীৰ কাপুৰক।
Leave A Comment