comScore
  • এক ৰণবীৰ ‘দৰা’ হৈছে, আন এজনে দিছে ‘পিতৃ’ হোৱাৰ খবৰ? অনুৰাগীৰ প্ৰশ্ন, ৰণবীৰৰ কোলাত এয়া কাৰ সন্তান?

    মনোৰঞ্জন
    এক ৰণবীৰ ‘দৰা’ হৈছে, আন এজনে দিছে ‘পিতৃ’ হোৱাৰ খবৰ? অনুৰাগীৰ প্ৰশ্ন, ৰণবীৰৰ কোলাত এয়া কাৰ সন্তান?
    ডিজিটেল ডেস্কঃ এজন ৰণবীৰে যদি বিবাহ পাশত আৱদ্ধ হৈছে, আন এজনে দিছে পিতৃ হোৱাৰ খবৰ। ইনষ্টাগ্ৰামত নৱজাতকক কোলাত লৈ এখন ফটো শ্বেয়াৰ কৰিলে ৰণবীৰ সিঙে। তাৰমানে মাতৃ হ’বলৈ ওলাইছে নেকি দীপিকা? নহয়, মাতৃ হ’বলৈ ওলোৱা নাই দীপিকা। বিষয়টো অলপ সুকীয়া। ৰণবীৰ অভিনীত 'জয়েশভাই জোৰদাৰ' ছবিখনে মুক্তিলাভ কৰিব ১৩ মে'ত। অভিনেতাজনে সেই একেটা লুকত নিজৰ এখন আলোকচিত্ৰ পোষ্ট কৰিছে। হাতত নৱজাতকৰ এখন ছবি।

    পোষ্টটোত ৰণবীৰে লিখিছিল, 'জয়েশভাইৰ পুত্ৰ হ’ব নে কন্যা?' অনুৰাগীক প্ৰশ্ন অভিনেতাৰ, ‘আপোনালোকে কি ভাবে?' নতুন ছবিখনৰ মুক্তিৰ আগতীয়া বাতৰি দিয়াৰ উদ্দেশ্যেই এই পোষ্ট ৰণবীৰৰ।

    জানিবলৈ পোৱামতে, ছবিখনত ৰণবীৰৰ চৰিত্ৰটো এজন গুজৰাটীৰ। ছবিখনৰ প্ৰথম পোষ্টাৰ আজিৰ পৰা ৩বছৰ পূৰ্বে প্ৰকাশ পাইছিল। শেহতীয়াকৈ, আন এখন পোষ্টাৰ মুকলি কৰা হৈছে।এই পোষ্টাৰখন দেখি এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, দীপিকাৰ স্বামীৰ কোলাত এয়া কাৰ সন্তানৰ আলোকচিত্ৰ? মন কৰিবলগীয়া যে, ৰণবীৰে ইতিমধ্যে গুজৰাটী ভাষা, খাদ্য আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে। যশৰাজ ফিল্মছৰ ছত্ৰছায়াত 'জয়েশভাই যোৰদাৰ' ছবিখন মুক্তিৰ বাবে সাজু হৈ উঠিছে। দক্ষিণৰ অভিনেত্ৰী শালিনী পাণ্ডেক ছবিখনত ৰণবীৰৰ সৈতে দেখিবলৈ পাব অনুৰাগীয়ে। ছবিখন পৰিচালনা কৰিছে দিব্যাঙ্কা ত্ৰিপাঠীয়ে। বিগত কেইবছৰমানত ৰণবীৰ সিঙক '৮৩', 'পদ্মাৱত', 'চিম্বা', 'বাজিৰাও মস্তানি'ৰ দৰে এখনৰ পাছত আনখন হিট ছবিত দেখা গৈছে।