comScore
  • পত্নী দীপিকা-কেটৰিনাৰ লগত কৰবা চৌথ উদযাপন কৰিবলৈ মুম্বাইলৈ উভতিল ৰণবীৰ-বিকি

    মনোৰঞ্জন
    পত্নী দীপিকা-কেটৰিনাৰ লগত কৰবা চৌথ উদযাপন কৰিবলৈ মুম্বাইলৈ উভতিল ৰণবীৰ-বিকি
    ডিজিটেল ডেস্কঃ আজি বি-টাউনত কৰবা চৌথ উদযাপনৰ আনন্দ বিয়পি পৰিছে। বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু বিকি কৌশলক শেহতীয়াকৈ দেখা পোৱা গৈছে মুম্বাই বিমানবন্দৰত। ৰণবীৰে পত্নী দীপিকা পাডুকন আৰু বিকিয়ে পত্নী কেটৰিনা কাঈফৰ সৈতে কৰবা চৌথ উদযাপন কৰিবলৈ কামৰ পৰা বিৰতি লৈ ঘৰলৈ উভতি অহা বুলি অনুমান কৰা হৈছে।

    মুম্বাই বিমানবন্দৰত পাপাৰাজীয়ে প্ৰত্যক্ষ কৰে ৰণবীৰ সিঙক। এই সময়ছোৱাত অভিনেতাগৰাকীক ৰকিং ষ্টাইলত দেখা দিছিল। ৰণবীৰ সিঙক সদায়ৰ দৰেই ইয়াতো অতি ৰঙীন ৰূপত দেখা গৈছিল। কাণত হেডফোন লগাই, চকুত ডাঙৰ ডাঙৰ ছানগ্লাছ পিন্ধি ৰণবীৰ সিঙে কৰবা চৌথ উপলক্ষে পত্নী দীপিকাৰ সৈতে সময় কটাবলৈ অতি উত্ৰাৱল হৈ থকা বুলি অনুমান কৰা হৈছে।

    ইয়াৰ লগতে অভিনেতা বিকি কৌশলকো মুম্বাই বিমানবন্দৰত পাপাৰাজীয়ে প্ৰত্যক্ষ কৰিছিল। বিকিয়েও সকলো কাম এৰি কৰৱা চৌথত পত্নী কেটৰিনাৰ সৈতে স্মৰণীয় মুহূৰ্ত কটাবলৈ আহিছে বুলি ধাৰণা কৰা হৈছে। বিয়াৰ পাছত এয়া বিকি কৌশল আৰু কেটৰিনা কাইফৰ প্ৰথম কৰবা চৌথ। 

    ৰণবীৰ সিং আৰু বিকি কৌশল দুয়োজনেই বি-টাউনৰ এনে আদৰ্শৱান স্বামী যিয়ে নিজৰ পত্নীক বিশেষ অনুভৱ কৰাবলৈ কেতিয়াও কোনো সুযোগ এৰি নিদিয়ে। ৰাজহুৱা জীৱনতে হওক বা ব্যক্তিগত জীৱনতেই হওক ৰণবীৰ আৰু বিকিয়ে দীপিকা আৰু কেটৰিনাক সদায় স্পেচিয়েল অনুভৱ কৰোৱাই থাকে।