• মৃত্যুমুখৰ পৰা উভতি আহিল ৰশ্মিকা মাণ্ডন্না! বিমানৰ জৰুৰী অৱতৰণ

    মনোৰঞ্জন
    মৃত্যুমুখৰ পৰা উভতি আহিল ৰশ্মিকা মাণ্ডন্না! বিমানৰ জৰুৰী অৱতৰণ
    ডিজিটেল ডেস্কঃ মৃত্যুমুখৰ পৰা উভতি আহিল অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্না। ৰশ্মিকাৰ সৈতে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ভাগ্যক্ৰমে মৃত্যুৰ পৰা ৰক্ষা পৰিল অভিনেত্ৰীগৰাকী। তেওঁ নিজেই এই তথ্য শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল যে তেওঁ মৃত্যুৰ পৰা ৰক্ষা পৰিছে। 

    অৱশ্যে যিখন বিমানেৰে যাত্ৰা কৰি আছিল সেই বিমানখনৰ মুখপাত্ৰই নিজৰ ভাষ্য সদৰী কৰিছে। পাইলটৰ মতে, ৰশ্মিকাই প্ৰকাশ কৰা ধৰণে ঘটনাটো ইমানো বেছি ডাঙৰ নাছিল। কিন্তু হয়, বিমানখনত কিছু সমস্যা হৈছিল, যিটো সময়ত ঠিক কৰা হৈছিল।

    ৰশ্মিকা মুম্বাইৰ পৰা হায়দৰাবাদলৈ গৈ আছিল। কিন্তু বিমানখনত কিছু সমস্যা হৈছিল। ইয়াৰ পিছত বিমানখনে ইমাৰ্জেন্সি লেণ্ডিং কৰে। পাছত আন এখন বিমানত সকলো যাত্ৰীৰ সৈতে ৰশ্মিকাক হায়দৰাবাদলৈ পঠিওৱা হৈছিল। ৰশ্মিকাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ফটো শ্বেয়াৰ কৰি লিখিছে - 

    ‘আপোনালোকক জনাও যে, আজি আমি এনেদৰেই মৃত্যুৰ পৰা ৰক্ষা পৰিলোঁ...’ ফটোখনত ৰশ্মিকাই সকাহ পাই হাঁহি থকা দেখা গৈছে। বিমানখনত তেওঁৰ সৈতে আছিল দক্ষিণৰ অভিনেত্ৰী শ্ৰদ্ধা দাস। ফটোখনত দুয়োকে বিমানৰ ভিতৰত পোজ দিয়া দেখা গৈছে। যদিও ৰশ্মিকা সুৰক্ষিত, কিন্তু তেওঁৰ এই ফটোখন দেখি অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি হয়। সকলোৱে তেওঁৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰা দেখা গ’ল।