ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ৰবিনা টেণ্ডনৰ এটা ভিডিঅ’। দেখা গৈছে যে ৰবিনাৰ বিৰুদ্ধে তেওঁৰ গাড়ীয়ে পথচাৰীক খুন্দা মৰাৰ অভিযোগত বহুতো মানুহে ঘেৰি ধৰিছে। কেৱল সেয়াই নহয়, ৰবিনাৰ বিৰুদ্ধেও মাৰপিটৰ এজাহাৰ দাখিল কৰা হয়। অভিযোগ অনুসৰি, মদ্যপানৰ অৱস্থাতেই অভিনেত্ৰীগৰাকীয়ে পথচাৰীৰ সৈতে কাজিয়া কৰে।
এজন এক্স হেণ্ডেল ব্যৱহাৰকাৰীয়ে এই ঘটনাৰ ভিডিঅ’ পোষ্ট কৰে। এইবাৰ তেওঁৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে অভিনেত্ৰীগৰাকীয়ে।
ভিডিঅ’টো বনাইছিল মহচিন শ্বেখ নামৰ এজন ব্যক্তিয়ে। তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে ৰবিনা। অভিনেত্ৰীগৰাকীৰ অধিবক্তা বিগ বছৰ খ্যাতি সানা ৰায়ছ খানে কয় যে কিছুদিন পূৰ্বে ৰবিনাৰ বিৰুদ্ধে কেইবাটাও মিছা অভিযোগ উত্থাপন হৈছিল। অৱশ্যে সমগ্ৰ ঘটনা অঞ্চলটোৰ চিচিটিভি ফুটেজত স্পষ্ট হৈ পৰিছে। X হেণ্ডেলত শ্বেয়াৰ কৰা ভিডিঅ’টো বিভ্ৰান্তিকৰ আৰু অসত্য।
এই ঘটনাৰ ভিডিঅ’ ফুটেজ ইণ্টাৰনেটত বিয়পি পৰে। পথচাৰীসকলে ৰবিনাৰ বিৰুদ্ধেও থানাত এজাহাৰ দাখিল কৰে। অৱশ্যে মুম্বাই আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ৰবিনাৰ গাড়ীখনে কাকো একেবাৰেই খুন্দা মৰা নাছিল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন ব্যক্তিয়ে দাবী কৰিছে যে ৰবিনাৰ গাড়ীৰ চালকে তেওঁৰ মাতৃক খুন্দা মাৰে। প্ৰতিবাদ কৰিলে ৰবিনাই সিহঁতক মাৰপিট কৰিবলৈ ধৰিলে। অৱশ্যে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে ৰবিনাক ক্লিয়াৰেন্স দিয়ে।
Leave A Comment