ডিজিটেল ডেস্কঃ এছ.এছ. ৰাজামৌলীৰ 'আৰ.আৰ.আৰ.'ত দিল্লীৰ আধিপত্যবাদী গভৰ্ণৰৰ চৰিত্ৰত অভিনয় কৰা আইৰিছ অভিনেতা ৰে ষ্টিভেনছন আৰু নাই। তেওঁৰ হঠাতে মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত ষ্টিভেনছনৰ বয়স আছিল ৫৮ বছৰ। অভিনেতাগৰাকীৰ মৃত্যুৰ নিৰ্দিষ্ট কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
আয়াৰলেণ্ডৰ অভিনেতাগৰাকীয়ে 'আৰআৰআৰ'ত কৰা অভিনয়ৰ জড়িয়তে ভাৰতৰ বহুতৰে মাজত পৰিচিত হৈ পৰিছিল। ষ্টিভেনছনে মাৰ্ভেলৰ 'থৰ' ফ্ৰেঞ্চাইজিত ভলষ্টেগৰ চৰিত্ৰত অভিনয় কৰি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছিল। ষ্টিভেনছনে ১৯৯০ ৰ দশকত টিভি অনুষ্ঠানৰ জড়িয়তে তেওঁৰ অভিনয় জীৱনৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
২০০০ ৰ দশকৰ পৰা আৰম্ভ হোৱা হলীউডৰ চলচ্চিত্ৰসমূহত একচন চৰিত্ৰত অভিনয় কৰা ষ্টিভেনছনে এণ্টোইন ফুকুয়াৰ ২০০৪ চনত মুক্তি পোৱা দুঃসাহসিক চলচ্চিত্ৰ 'কিং আৰ্থাৰ'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবি খনত তেওঁ ডাগোনেটৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০০৮ চনত ষ্টিভেনছনে মাৰ্ভেলৰ 'পেনিচাৰ: ৱাৰ জোন'ত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। তেওঁ নেটফ্লিক্স শৃংখলা 'ডেয়াৰডেভিল'তো অভিনয় কৰিছে। মৃত্যুৰ আগতে ষ্টিভেনছনে ষ্টাৰ ৱাৰ্ছ ফ্ৰেঞ্চাইজিৰ 'দ্য মাণ্ডালোৰিয়ান'ৰ স্পিন-অফ আহচোকা নামৰ একচন-এডভেঞ্চাৰধৰ্মী শৃংখলাত অভিনয় কৰিছিল।
Leave A Comment