comScore
  • বহুদিনীয়া বিৰতিৰ পাছত টেলিভিশ্যনৰ পৰ্দালৈ প্ৰত্যাৱৰ্তন ৰিয়া চক্ৰৱৰ্তীৰ

    মনোৰঞ্জন
    বহুদিনীয়া বিৰতিৰ পাছত টেলিভিশ্যনৰ পৰ্দালৈ প্ৰত্যাৱৰ্তন ৰিয়া চক্ৰৱৰ্তীৰ
    ডিজিটেল ডেস্কঃ ভিডিঅ’ জকি হিচাপে কেৰিয়াৰ আৰম্ভ কৰা ৰিয়া চক্ৰৱৰ্তী দীৰ্ঘদিন টিভিৰ পৰা আঁতৰি আছিল যদিও এতিয়া তেওঁৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ। ৰিয়াই অতি সোনকালে সৰু পৰ্দাত পুনৰ উভতি আহিব আৰু সেয়াও ‘গেং লিডাৰ’ হিচাপে। হয়, এমটিভি শ্ব’ ‘ৰ’ডিজ’ (ৰ’ডিজ ছিজন ১৯)ৰ ১৯ সংখ্যক ছিজনত ৰিয়াক গেং লিডাৰ হিচাপে দেখা যাব।এই ৰিয়েলিটি শ্ব’ৰ প্ৰমোও চৰ্চালৈ আহিছে।


    ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ‘ৰ’ডিজ ১৯’ৰ শেহতীয়া প্ৰ’ম’ শ্বেয়াৰ কৰিছে। ‘ৰ’ডিজ কৰ্ম য়া কাণ্ড’ৰ প্ৰ’ম’ত ৰিয়াক দেখা গৈছে অল ব্লেক লুকত। ভিডিঅ’টোত তেওঁ কয়, ‘আপুনি কি ভাবিছিল যে মই ঘূৰি নাহে, মই ভয় খাম... ভয় খোৱাৰ পাল আন কাৰোবাৰ।সকলোকে অডিচনত দেখা পাম।" প্ৰিন্স নাৰুলা আৰু গৌতম গুলাটিৰ সৈতে ‘গেং লিডাৰ’ হিচাপে অংশগ্ৰহণ কৰিব ৰিয়াই।

    উল্লেখযোগ্য যে ২০২০ চনত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত ৰিয়া চক্ৰৱৰ্তীয়ে বহু অভিযোগৰ সন্মুখীন হৈছিল। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাত তেওঁ বহু দিন কাৰাবাসত দিন কটাবলগীয়া পৰিস্থিতিও আহি পৰিছিল৷