ডিজিটেল ডেস্কঃ অভিনেতা ৰনিত ৰয়ৰ ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম অব্যাহত আছে। ৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে পত্নী নীলম বসু ৰায়ৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হৈছে। বিবাহৰ ২০ বছৰীয়া জয়ন্তী উপলক্ষে পুনৰ পত্নীক বিয়া কৰাইছে ৰনিতে।
ছ’চিয়েল মিডিয়াত ইয়াৰ আভাস দেখুৱাইছে অভিনেতাগৰাকীয়ে। ৰনিতে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বহু বিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ২০ বছৰৰ পাছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছে। এই সময়ত ৰনিত আৰু নীলমৰ পুত্ৰ অগস্ত্য বসুকো পিতৃ-মাতৃৰ বিয়া উপভোগ কৰা দেখা গৈছিল।
সম্পূৰ্ণ ৰীতি-নীতিৰে পত্নীৰ লগত বিয়া পাতিলে ৰনিতে। অভিনেতাগৰাকীয়ে পত্নী নীলমৰ সৈতে সাত ফেৰে লৈ বিয়াৰ সকলো কামো সম্পূৰ্ণ কৰে।
ভিডিঅ’টো শ্বেয়াৰ কৰি থাকোঁতে ৰনিতে কেপচনত লিখিছে, ‘আপুনি মোক বিয়া কৰাবনে... আকৌ?’। গোৱাৰ এটা মন্দিৰত ৰনিতৰ বিয়া হৈছিল। তেওঁৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। অনুৰাগীয়ে দম্পতীহালক বিবাহ বাৰ্ষিকীত অহৰহ শুভকামনা জনাইছে।
Leave A Comment