comScore
  • পিতৃয়ে হেলেনক দ্বিতীয় বিবাহ কৰাওতে খঙত ফাটি পৰিছিল ছলমান খান! এতিয়াও আছেনে সেই খং?

    মনোৰঞ্জন
    পিতৃয়ে হেলেনক দ্বিতীয় বিবাহ কৰাওতে খঙত ফাটি পৰিছিল ছলমান খান! এতিয়াও আছেনে সেই খং?
    ডিজিটেল ডেস্কঃ এটা পৰিয়ালত সন্তান-পত্নী থকাৰ পাছতো যেতিয়া এজন ব্যক্তিয়ে দ্বিতীয় বিবাহ কৰায় সেয়া বহু বেদনাদায়ক কথা হৈ পৰে পৰিয়ালটোৰ বাবে। বলীউড তাৰকা ছলমান খানৰ পিতৃ ছেলিম খানেও চাৰিটাকৈ সন্তান আৰু পত্নী থকাৰ পাছতো দ্বিতীয় বিবাহ কৰাইছিল। পত্নী সুশীলা চড়ক আৰু চাৰি সন্তান থকাৰ পাছতো ছেলিম খানে দ্বিতীয় বিবাহ কৰাই ঘৰলৈ লৈ আনিছিল বলীউডৰ ডান্সাৰ তথা অভিনেত্ৰী হেলেনক। ১৯৮১ চনত হেলেনক বিয়া পাতিছিল ছেলিম খানে। সেইসময়ত ছলমান খানৰ বয়স আছিল ১৬ বছৰ। হেলেনৰো আছিল এইখন দ্বিতীয় বিবাহ। 

    ছেলিম খানৰ পত্নী সুশীলা চড়ক আছিল হিন্দু।বিবাহসূত্ৰে সুশীলা চড়কে ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম লয় ছালমা খান। ১৯৬৪ চনত ছেলিম খানৰ সৈতে বিয়াত বহিছিল সুশীলা। সন্তান ছলমান, আৰবাজ, আলবিৰা, ছোহেইলৰ সৈতে তেওঁলোকৰ আছিল সুখৰ সংসাৰ। ছেলিম খানে হেলেনক বিয়া পতাত দুখত ভাগি পৰিছিল সুশীলা ওৰফে ছালমা। গোটেই জীৱন লগত থাকিব বুলি ভবা মানুহজনেই প্ৰতাৰণা কৰা যেন অনুভৱ কৰিছিল সুশীলাই। মাতৃক দুখত ভাগি পৰা দেখি ছলমানহঁতো দুখত ভাগি পৰিছিল। তেওঁলোকে কোনেও সহজভাৱে ল’ব পৰা নাছিল হেলেনক। মাকে কান্দি থকা দেখি হেলেনক ঘৃণাৰ চকুৰে চাইছিল ছলমান, আৰবাজহঁতে। ছলমানে অনুভৱ কৰিছিল যে এয়া মাতৃৰ প্ৰতি অন্যায় হৈছে। সেই কথা ভাবি তেওঁ খঙত ফাটি পৰিছিল। সেইসময়ত ঘৰৰ কোনেও হেলেনৰ সৈতে কথা পতা নাছিল। ছেলিমৰ সন্তানে হেলেনক মাতৃ বুলি মানি ল’ব পৰা নাছিল।
     

    ছলমান খানে এবাৰ এটা সাক্ষাৎকাৰ দিছিল, য’ত অভিনেতাগৰাকীয়ে তেওঁৰ পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহৰ বিষয়ে মুকলিকৈ কৈছিল।অভিনেতাগৰাকীয়ে কৈছিল, ‘‘মোৰ বাবে মোৰ মায়েই সকলো। মোৰ মাৰ সৈতে মোৰ বহুত মিল। মই মাক কেতিয়াও দুখী হোৱা চাব নিবিচাৰো আৰু কেতিয়াও আঘাত দিব নোৱাৰো। দেউতাই পুনৰ বিবাহ কৰাৰ সময়ত মোৰ মায়ে আটাইতকৈ বেছি আঘাত পাইছিল। কিন্তু মায়ে ক্ৰমান্বয়ে এই সত্যটো গ্ৰহণ কৰিছিল আৰু দেউতাইও আমাক অতি মৰমত বুজাই দিছিল যে তেওঁ মাক বহুত ভাল পায় আৰু তেওঁ আমাৰ লগত সদায় এনেকৈয়ে থাকিব।’’ 


    লাহে লাহে সত্য স্বীকাৰ কৰি সুশীলাইও হেলেনক আদৰি লৈছিল আৰু হেলেনেও সুশীলা আৰু সুশীলাৰ চাৰিওটি সন্তানকে বহুত মৰম দি সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। সময়ৰ লগে লগে কথাবোৰ সলনি হ’ল আৰু তেওঁলোকে এতিয়া এটা পৰিয়ালৰ দৰে মিলিজুলি বাস কৰি আছে। দুয়ো মাতৃকে বহুত ভাল পায় ছলমানে। পৰিয়ালটোৱে সকলো সময়ত সদায় ইজনে সিজনৰ কাষত থিয় দিয়ে। হেলেন আৰু ছেলিমৰ কোনো সন্তান নথকাত তেওঁলোকে অৰ্পিতা নামৰ এটি কন্যা শিশুক তুলি লৈছিল। অৰ্পিতা খানকো ছলমান খানে কিমান মৰম কৰে সেই কথা সকলোৱে জানে। 

    এবাৰ এক সাক্ষাৎকাৰত হেলেনে এই বিয়াক লৈ অপৰাধবোধত ভুগাৰ কথা কৈছিল। তেওঁ কৈছিল ‘‘আগতে ভাবিলে মোৰ বহুত বেয়া লাগিছিল যে মই  এগৰাকী পত্নী আৰু চাৰিটা সন্তান থকা মানুহক বিয়া কৰাইছিলোঁ। আৰম্ভণিতে মই বহুত অনুতপ্ত হৈছিলো কিন্তু ছেলিমে মোক এই কথাটোৰ পৰা বাহিৰ ওলাই আহিবলৈ বহুত সহায় কৰিছিল আৰু আজি আমি সকলোৱে এটা পৰিয়ালৰ দৰে খুব সুন্দৰকৈ বাস কৰি আছো।’’