• চ্যাণ্ডি সাহাৰ ঘৰত সংঘটিত চুৰি!সতীৰ্থ ইউটিউবাৰৰ বিৰুদ্ধে অভিযোগ দাখিল

    মনোৰঞ্জন
    চ্যাণ্ডি সাহাৰ ঘৰত সংঘটিত চুৰি!সতীৰ্থ ইউটিউবাৰৰ বিৰুদ্ধে অভিযোগ দাখিল
    ডিজিটেল ডেস্কঃ জনপ্ৰিয় ইউটিউবাৰ চ্যাণ্ডি সাহাৰ ঘৰত সংঘটিত হ’ল এক চুৰি কাণ্ড!চ্যাণ্ডিয়ে জনোৱা অনুসৰি কিছুদিন আগতে এজন সহযোগী ইউটিউবাৰে সহায় বিচাৰি আহিছিল। দুবাৰ চিন্তা নকৰাকৈয়ে চ্যাণ্ডিয়ে সহায় কৰিবলৈ হাতখন আগবঢ়াই দিলে,যেন সেই সহায়ৰ হাতখনেই হ’ল চ্যাণ্ডিৰ বাবে কাল।

    চুৰিৰ ঘটনাটোত চ্যাণ্ডিয়ি ৫২ হাজাৰ টকাৰ ইয়াৰপড, সোণৰ গহনা আৰু নগদ ধন চুৰি হৈছে বুলি জানিবলৈ দিছে৷ ইতিমধ্যে চ্যাণ্ডিয়ে নৰেন্দ্ৰপুৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ কৰা অনুসৰি চ্যাণ্ডিৰ সতীৰ্থ ইউটিউবাৰ নাম বিষ্ণুপদ নাস্কৰ। ব্যক্তিজনৰ 'বং ব্ৰীজ' নামৰ এটা চেনেল আছে।

    এই প্ৰসংগত চ্যাণ্ডিয়ে কয় যে,"এই ব্যক্তিজনে কাম শিকিবলৈ মোৰ সৈতে যোগাযোগ কৰিছিল।" সেই সময়ত তেওঁ চাকৰি এৰিব বিচাৰিছিল। মই অসহায় চিন্তা কৰি সহায় কৰিলোঁ। মই আৰু মোৰ এগৰাকী প্ৰেমিকা, আমি একেলগে কাম কৰো। মই ভাবিছিলো ইয়াৰ দ্বাৰা আমাৰো লাভ হব, তেওঁক দৰমহা দিলেও তেওঁৰ কিছু লাভ হব। আনকি ১০-১২ হাজাৰ টকা দৰমহা দিয়াৰ কথাও চৰ্চা চলিছিল৷"

    চ্যাণ্ডিৰ মতে বিষ্ণুপদ নাস্কৰ মান্তি হয়।'' কিন্তু সন্দেহৰ সৃষ্টি হয় যেতিয়া চ্যাণ্ডিৰ দামী ইয়াৰপড আৰু সামগ্ৰীবোৰ নোহোৱা হৈ যায়। চ্যাণ্ডিাৰ ভাষাত, "আচলতে মই ইয়াৰপডটো বিচাৰি উলিয়াই বিষ্ণুৰ ঘৰৰ ওচৰত পাইছিলোঁ। তেতিয়া বিষ্ণুপদে চুৰিৰ কথা স্বীকাৰ কৰে। আচলতে বিষ্ণুপদে উপলব্ধি কৰা নাছিল যে ইয়াৰপড ট্ৰেক কৰিব পাৰি। ইয়াৰ বাহিৰেও মোৰ প্ৰেয়সীৰ ঘৰৰ পৰা সোণৰ গহনা, টকা আৰু আন কেতবোৰ বস্তু চুৰি কৰি লৈ যায়।"

    কিন্তু অতি সোনকালে চ্যাণ্ডিয়ে বিষ্ণুপদৰ বিৰুদ্ধে অভিযোগ প্ৰত্যাহাৰ কৰিব। চ্যাণ্ডিৰ ভাষাত "ল'ৰাটোৰ দেউতাকে আমালৈ সকলো টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে"৷তদুপৰি চ্যাণ্ডিৰ মতে তেওঁ হেৰুৱা টকাখিনি পালে চ্যাণ্ডি নিৰাপদ।