comScore
  • ছাৰা আলী খানে পালন কৰিলে শিৱৰাত্ৰি! একাংশই দিলে ইছলামৰ পৰা বাহিৰ হৈ যাবলৈ সকীয়নি

    মনোৰঞ্জন
    ছাৰা আলী খানে পালন কৰিলে শিৱৰাত্ৰি! একাংশই দিলে ইছলামৰ পৰা বাহিৰ হৈ যাবলৈ সকীয়নি
    ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী ছাৰা আলী খান জন্মসূত্ৰে মুছলমান যদিও তেওঁ ভগৱান শিৱৰ এগৰাকী পৰম ভক্ত। ছাৰাই প্ৰায়ে মন্দিৰ দৰ্শন কৰে। শেহতীয়াকৈ শিৱৰাত্ৰি উপলক্ষে ছাৰাই কিছু ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক শিৱভক্তিত নিমগ্ন হোৱা দেখা গৈছিল। বৰ্তমান ইয়াকে লৈ বিতৰ্কৰ সূত্ৰপাত কৰিছে ইছলাম সমাজে।
     Mahashivratri 2023: महाशिवरात्रि पर जरूर देखें शिव भक्त सारा अली खान की ये तस्वीरें, एक्ट्रेस ने पूजा कर शेयर की तस्वीरें ছেইফ আলী খান আৰু অমৃতা সিঙৰ প্ৰিয় কন্যা ছাৰা আলী খান প্ৰায়ে চৰ্চাত থাকে। অভিনেত্ৰীগৰাকী মুছলমান যদিও তেওঁ প্ৰায়ে ভগৱানৰ আশীৰ্বাদ ল'বলৈ মন্দিৰলৈ যায়। ছাৰাই বিখ্যাত কেদাৰনাথ মন্দিৰ, সোমনাথ মন্দিৰো দৰ্শন কৰিছে। 
    Mahashivratri 2023: महाशिवरात्रि पर जरूर देखें शिव भक्त सारा अली खान की ये तस्वीरें, एक्ट्रेस ने पूजा कर शेयर की तस्वीरें
    শিৱৰাত্ৰিত ছাৰাক মন্দিৰত দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে মুছলমান লোকে। ফটো শ্বেয়াৰ কৰি ছাৰাই কেপচনত লিখিছে - জয় ভোলেনাথ, ইয়াৰ লগতে তেওঁ ঔ্ম বুলিও লিখিছে। এতিয়া ইয়াকে লৈ একাংশই ধমকি দিছে ছাৰাক। ইয়াৰ লগতে একাংশ লোকে তেওঁক ইছলামৰ পৰা বাহিৰ হৈ যাবলৈ সকীয়নি দিছে।
    Mahashivratri 2023: महाशिवरात्रि पर जरूर देखें शिव भक्त सारा अली खान की ये तस्वीरें, एक्ट्रेस ने पूजा कर शेयर की तस्वीरें
    উল্লেখ্য যে ছাৰাৰ পিতৃ ছেইফ আলী খানে মুছলমান ধৰ্ম পালন কৰাৰ বিপৰীতে মাতৃ অমৃতা সিঙে হিন্দু ধৰ্ম পালন কৰে। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীয়ে দুয়োটা ধৰ্মকে অনুসৰণ কৰে।