Lifestyle
ডিজিটেল ডেস্কঃ ডীপ ফেক (Deep Fake)৷ প’ৰ্ণ ছৱি উপভোগ কৰা সকলৰ বাবে অতি চিনাকি নাম৷ চিনেমাজগতৰ মোহময়ী অভিনেত্ৰীসকলৰ
নকল ভিডিঅ’ চাবলৈ ডীপ ফেক উপভোগ কৰা হয়৷
বলিউড-হলিউডৰ বহুতো অভিনেত্ৰী
এই ডীপ ফেকৰ চিকাৰ হৈ আহিছে৷ কিয়াৰা আদৱানী, আলিয়া ভাটৰ পৰা এঞ্জেলিনা জ’লী, এম্বাৰ হাৰ্ডলৈকে
সকলোৰে ডীপ ফেক ভিডিঅ’সমূহ ইণ্টাৰনেট খুঁচৰিলেই পোৱা যায়৷
শেহতীয়াকৈ ইয়াৰ চিকাৰ হৈছে
হলিউডৰ তাৰকা স্কাৰলেট জোহানছন৷ স্কাৰলেটৰ মুখৰ নকল কৰি বনোৱা প’ৰ্ণ ভিডিঅ’ ইণ্টাৰনেটত বিয়পি
পৰিছে৷
এই প্ৰসংগত মুখ খুলিছে
অভিনেত্ৰীগৰাকীয়ে নিজে৷ আক্ষেপৰ সুৰত তেওঁ কয় যে বৰ্তমান যৌনতা পণ্যলৈ পৰিণত হৈছে
আৰু ইণ্টাৰনেট ইয়াৰ মুখ্য চালিকা শক্তি হৈ পৰিছে৷
‘‘ইয়াত মোৰ একো হানি-বিঘিনি নহয়৷ যিসকলে মোক জানে, তেওঁলোকে মই এইধৰণৰ কাম নকৰো
বুলি বুজি পায়৷’’- অভিনেত্ৰীগৰাকীয়ে কয়৷
‘‘কিন্তু যিসকল অভিনেত্ৰীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ ধৰিছে, তেওঁলোকৰ ওপৰত
এইসমূহ ঘটনাই বেয়া প্ৰভাৱ পেলাব পাৰে৷’’- তেওঁ কয়- ‘‘অনেক অভিনেত্ৰীয়ে মানসিক অৱসাদত ভুগি থাকে৷’’
উল্লেখ্য যে ডীপ ফেক এবিধ
প্ৰযুক্তি৷ ফটোশ্বপ কৰি যিদৰে কোনো এজন লোকক নকল কৰিব পৰা যায়, তেনেদৰে ভিডিঅ’ৰ মাজতো আন
কাৰোবাৰ মুখ সংযুক্ত কৰি ডীপ ফেক তৈয়াৰ কৰা হয়৷
১৯৯০ চনৰ পৰা এই পদ্ধতিক লৈ
বিভিন্ন গৱেষণা চলিছিল৷ শেহতীয়াকৈ এই পদ্ধতিয়ে অগ্ৰগতি লাভ কৰিছে৷ ডীপ ফেকৰ ইমানেই
অগ্ৰগতি ঘটিছে যে ই আচল নে নকল, তাক লৈও দোমোজাত পৰিব লগা হয়৷
Leave A Comment