ডিজিটেল ডেস্কঃ কাজলৰ কন্যা নাইচাৰ প্ৰেমত মছগুল হৈ পৰিছে শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান। দুয়োৰে প্ৰেমকলৈ এতিয়া বলীউডত বেছ চৰ্চা চলিছে। ইয়াৰ মাজতে কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণত শ্বাহৰুখ খান আৰু কাজলক তেওঁলোকৰ সন্তানৰ প্ৰেমৰ বিষয়ে প্ৰশ্ন কৰে কৰণ জোহৰে।
এনেয়ে কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণ এক বিতৰ্কিত অনুষ্ঠান, য'ত চেলিব্ৰিটিসকলে কিছুমান মন্তব্য দিছে যিবোৰ বছৰ বছৰ ধৰি ভাল বা তিক্ত স্মৃতি হিচাপে স্মৰণীয় হৈ ৰৈছে। ভাইৰেল হৈ থকা কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণৰ নানান মন্তব্যৰ মাজতে এইবাৰ শ্বাহৰুখ-কাজলৰ সন্তানৰ প্ৰেম কাহিনীৰ বিষয়টো সাঙোৰ খাই পৰিছে।
শ্বাহৰুখ খান আৰু কাজলক তেওঁলোকৰ সন্তান, আৰিয়ান খান আৰু নাইচা দেৱগনৰ বিষয়ে সোধা হৈছিল।কৰণ জোহৰে সুধিছিল যদি আৰিয়ান আৰু নাইচাই পলাই যায় তেন্তে শ্বাহৰুখ-কাজলৰ প্ৰতিক্ৰিয়া কেনে হ'ব। কৰণ জোহৰৰ প্ৰশ্ন শুনি কিছু অপ্ৰস্তুত হৈ পৰা শ্বাহৰুখে কয় যে তেওঁ সেই দিনটোৰ বিষয়ে চিন্তা কৰিবলৈও ভয় কৰে। আনহাতে কাজলৰ প্ৰতিক্ৰিয়া আছিল দিলৱালে দুলহানিয়া লে জায়েংগে। কাজলে যেন বুজাব বিচাৰিছিল আৰিয়ান খান আৰু নাইচাই পলাই গৈ হ’লেও সংসাৰ পাতিলে তেওঁৰ ক’বলগীয়া একো নাই।
Leave A Comment