Lifestyle
ডিজিটেল ডেস্কঃ পঁচিশটা বসন্ত পাৰ কৰিলে ‘দিল তো পাগল হ্যেঁ’য়ে। কিন্তু এতিয়াও
দৰ্শকৰ মনত সজীৱ হৈ আছে চিনেমাখনৰ চৰিত্ৰসমূহ আৰু এটা ত্ৰিকোণীয়া প্ৰেমৰ আখ্যান।
যশ চোপ্ৰা পৰিচালিত বলিউডৰ চুপাৰহিট চিনেমাখনে দেওবাৰে চিত্ৰগৃহত মুক্তিৰ পঁচিশটা
বছৰ পাৰ কৰিলে।
নবৈ দশকৰ শেষৰফালে মুক্তি লাভ কৰা চিনেমাখনত অভিনয় কৰিছিল শ্বাহৰুখ খান,
মাধুৰী দীক্ষিত আৰু কৰিশ্মা কাপুৰৰ দৰে জনপ্ৰিয় তাৰকাসকলে। চিনেমাখনৰ গানসমূহো
শ্ৰোতাৰ মুখে মুখে বাগৰিছিল। চিত্ৰগৃহত ছুপাৰহিট হোৱাৰ উপৰিও আঁজুৰি তিনিটাকৈ
নেচনেল এৱাৰ্ড।
পঁচিশটা বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে চিনেমাখনৰ প্ৰযোজনা সংস্থাটোটোৱে সামাজিক
মাধমত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত চিনেমাখনৰ জনপ্ৰিয় গানসমূহৰ স’তে
কিছু বিশেষ দৃশ্য সংযুক্ত কৰা হৈছে। ভিডিঅ’টোত কেপচন হিচাপে লিখা হৈছে যে পঁচিশ
বছৰ পূৰ্বে ‘দিল তো পাগল হ্যেঁ’ই প্ৰেম আৰু বন্ধুত্ব সম্পৰ্কে আমাৰ প্ৰত্যেকৰে
ধাৰণা সলনি কৰি দিছিল।
সামাজিক মাধ্যমত চিনেমাখনক লৈ এইদৰে চৰ্চা হোৱাৰ পাছতে অনুৰাগীসকলে
নষ্টালজিয়াত ডুবিছে। চিনেমাখনৰ গুণমুগ্ধসকলে লিখিছে যে চিনেমাখন তেওঁলোকৰ কৈশোৰকালৰ
স’তে জড়িত আৰু সেয়ে আজিও পাহৰিব পৰা নাই।
Leave A Comment