ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কিছুমান কামেৰে মানুহৰ হৃদয় প্ৰায়ে জয় কৰি থাকে। শেহতীয়াকৈ পুনৰ এই কথাৰ প্ৰমাণ পোৱা গ’ল। আপোনালোকে সকলোৱে জানে যে শ্বাহৰুখ খানৰ ফেন ফ’ল’ৱাৰ বহুত বেছি। শেহতীয়াকৈ কিং খানে তেওঁৰ এগৰাকী ৬০ বছৰীয়া ফেন আৰু কেন্সাৰ আক্ৰান্ত মহিলাৰ শেষ ইচ্ছা পূৰণ কৰিলে। ইয়াৰ লগতে তেওঁ ভিডিঅ’ কলত মহিলাগৰাকীৰ সৈতে কথা পাতি চিকিৎসাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই কথা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে কিং খানক প্ৰশংসাৰে উপচাই পেলাইছে।
শ্বাহৰুখ খানে শিৱানী নামৰ এগৰাকী ৬০ বছৰীয়া মহিলা অনুৰাগীৰ কথা জনাৰ লগে লগে লগে লগে তেওঁক ভিডিঅ’ কল কৰি প্ৰায় ৪৫ মিনিটমান কথা পাতিলে। কেন্সাৰ ৰোগত আক্ৰান্ত শিৱানীয়ে এতিয়ালৈকে শ্বাহৰুখ খানৰ সকলো চিনেমা চাইছে। শিৱানী শ্বাহৰুখ খানৰ ইমানেই ডাঙৰ ফেন যে কেন্সাৰৰ চিকিৎসাৰ সময়তো তেওঁ ‘পাথান’ চাবলৈ চিনেমা হললৈ গৈছিল। শিৱানীয়ে শ্বাহৰুখ খানৰ সৈতে এবাৰ কথা পতাৰ সপোন পুহি ৰাখিছিল। এই কথা গম পোৱাৰ লগে লগেই শ্বাহৰুখ খানে মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰে।
শিৱানীৰ কথা-বতৰা পাতি শ্বাহৰুখ খানে কলকাতালৈ আহি তেওঁক ব্যক্তিগতভাৱে লগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে শিৱানীয়ে ৰন্ধা মাছৰ তৰকাৰীও খোৱাৰ কথা ক’লে কিং খানে। এটা সাক্ষাৎকাৰৰ সময়ত শিৱানীৰ কন্যাই জনায় যে- ''শ্বাহৰুখে খানেও মোৰ মাৰ বাবে প্ৰাৰ্থনা কৰে। ইয়াৰ লগতে তেওঁ মাৰ কেন্সাৰ চিকিৎসাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে।''
Leave A Comment