• iTunesত শীৰ্ষ স্থান দখল! অভিৰুক পাটোৱাৰীৰ সংগীতে জিনিছে বিশ্ববাসীৰ হৃদয়

    মনোৰঞ্জন
    iTunesত শীৰ্ষ স্থান দখল! অভিৰুক পাটোৱাৰীৰ সংগীতে জিনিছে বিশ্ববাসীৰ হৃদয়
    ডিজিটেল ডেস্কঃ এগৰাকী অসমীয়া যুৱকৰ সংগীতে জিনিছে বিশ্ববাসীৰ হৃদয়। নাম অভিৰুক পাটোৱাৰী। শেহতীয়াকৈ তেওঁৰ এটা গীতে  iTunesত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

    এই গীতেৰে বিশ্বব্যাপি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে অভিৰুকে। 

    নিসংগতা, হীনমন্যতা আদি বিষয়বোৰ সামৰি সৃষ্টি কৰা অভিৰুকৰ ‘Hold me tonight’ শীৰ্ষক গীতটো সম্প্ৰতি বহুলভাৱে জনপ্ৰিয় হৈ পৰিছে। 

    গীতটোৰ সুৰ, কথা, সংগীত আৰু কণ্ঠ অভিৰুক পাটোৱাৰীৰ। 

    উল্লেখ্য যে অভিৰুক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জনপ্ৰিয় সাহিত্যিক ৰীতা চৌধুৰীৰ পুত্ৰ। 

    অভিৰুকৰ এই সাফল্যই আনন্দৰ বতৰা কঢ়িয়াই আনিছে অসমলৈ।