ডিজিটেল ডেস্কঃ মাতৃ হ’বলৈ গৈ আছে সোণম কাপুৰ। প্ৰথমবাৰৰ বাবে ককায়েক হ’বলৈ গৈ আছে অনিল কাপুৰ। মুঠতে কাপুৰ পৰিয়ালত এতিয়া উলাহে নধৰা হিয়া। নিজৰ জীয়েকৰ বেবী শ্বাৱাৰ অনুষ্ঠান অতি ধুমধামেৰে উদযাপন কৰিছিল অনিল আৰু সুনীতা কাপুৰে। পিছে, দীঘলীয়া নহ’ল এই কাৰ্যসূচী। হঠাত্ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য হ’ল কাপুৰ পৰিয়ালে।
১৭ জুলাই অৰ্থাৎ দেওবাৰে মুম্বাইত সোনম কাপুৰৰ বেবী শ্বাৱাৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল। সোণম আৰু আনন্দৰ বিয়া হোৱা বাংলোটোতে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অতিথিসকললৈ আমন্ত্ৰণ পত্ৰও প্ৰেৰণ কৰা হৈছিল। দীপিকা পাডুকন, কৰীণা কাপুৰ খান, আলিয়া ভাট, মলাইকা অ’ৰোৰা, মছবা গুপ্তা, অমৃতা অ’ৰোৰা, ৰাণী মুখোপাধ্যায়, স্বৰা ভাস্কৰ আদি বহুকেইজনক আমন্ত্ৰণ জনোৱাৰ লগতে সমগ্ৰ কাপুৰ পৰিয়ালৰ সৈতে আমন্ত্ৰণ জনোৱা হয়। সোণমেও লণ্ডন এৰি ইতিমধ্যে মুম্বাইত উপস্থিত হৈছে। সোনমৰ বন্ধু মছাবা গুপ্তাইও তেওঁৰ সাজ-পোছাক ডিজাইন কৰিছিল। কিন্তু কিয় বন্ধ কৰা হৈছে এই হাই প্ৰফাইল গ্ৰেণ্ড চেলিব্ৰেচন?
প্ৰাপ্ত তথ্য অনুসৰি, বৰ্ধিত কৰ’না সংক্ৰমণৰ বাবে কাপুৰ পৰিয়ালে তেওঁলোকৰ কন্যাৰ বেবী শ্বাৱাৰ অনুষ্ঠান বাতিল কৰিছে। শেহতীয়াকৈ, সমগ্ৰ দেশতে লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে কৰ’নাক্ৰান্তৰ সংখ্যা। কৰ’নাৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি হোৱা বাবে ৰিস্ক ল’ব বিচৰা নাই কাপুৰ পৰিয়ালে। অৱশ্যে, তেওঁলোকে বান্দ্ৰাৰ বাসগৃহতে আছুতীয়াকৈ ঘৰুৱা অনুষ্ঠানৰ আয়োজন কৰে।
Leave A Comment