ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীয়ে নতুন বছৰত ক্ৰিকেট প্ৰেমীসকলক এটা ডাঙৰ আশ্চৰ্য দিছিল। তেওঁ তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টত এটা পাঁচ ছেকেণ্ডৰ ভিডিঅ' পোষ্ট কৰিছিল। তাত দেখা গৈছে যে আন কোনোবা এজনে সৌৰভৰ চৰিত্ৰত অভিনয় কৰিছে।
ভিডিঅ’টোৰ সৈতে 'কামিং চুন' বুলিও লিখা আছে। বহুলোকে সেই পোষ্টটো চোৱাৰ পিছতো সৌৰভ গাংগুলীৰ বা?’পিক নিৰ্মাণ হৈছে নেকি বুলিও প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে৷ কিন্তু সৌৰভে এতিয়ালৈকে এই প্ৰশ্নৰ উত্তৰ দিয়া নাই৷ উল্লেখ্য ক্ৰীড়া তাৰকাসকলৰ জীৱনীমূলক ছবি বলীউডত উচ্চ প্ৰশংসিত হৈছে । মহেন্দ্ৰ সিং ধোনীৰ পৰা বক্সাৰ মেৰী কম, শ্বাটলাৰ ছানিয়া নেহৱালৰ পৰা প্ৰাক্তন হকী অধিনায়ক সন্দীপ সিঙলৈকে ৰূপালী পৰ্দাত বহু তাৰকাৰ সংগ্ৰাম প্ৰতিফলিত হৈছে।
তাপসী পান্নুৱে শেহতীয়াকৈ মহিলা দলৰ অধিনায়ক মিতালী ৰাজৰ জীৱনীমূলক ছবি এখন কৰিছে৷ অনুষ্কা শৰ্মাক প্ৰাক্তন ভাৰতীয় মহিলা পেচাৰ ঝুলন গোস্বামীৰ চৰিত্ৰত দেখা যাব। এইবাৰ "দাদাৰ" পাল নেকি? কিন্তু যদি সৌৰভৰ বায়োপিকত তেওঁৰ চৰিত্ৰত অভিনয় কৰিব কোনে?
এই প্ৰশ্নৰ উত্তৰো এতিয়ালৈকে পোৱা হোৱা নাই৷ অৱশ্যে সৌৰভে আগতে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ ৰণবীৰ সিঙক তেওঁৰ চৰিত্ৰত চাব বিচাৰে। আনহাতে তেওঁ এবাৰ এইবুলিও কৈছিল যে তেওঁ নিজৰ চৰিত্ৰত নিজে অভিনয় কৰিবলৈ ইচ্ছুক। শেহতীয়াকৈ ভিডিঅ'টো পোষ্ট কৰি বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে অনুৰাগীসকলৰ উৎসাহ আৰু কৌতূহল বৃদ্ধি কৰিছে।
Leave A Comment