• কেৰিয়াৰৰ শেষৰখন ছৱি কেনে হ’ব? দৰ্শকলৈ বিশেষ অনুৰোধ শ্বাহৰুখ খানৰ! কি অনুৰোধ কৰিলে বলিউডৰ বাদশ্বাহে

    মনোৰঞ্জন
    কেৰিয়াৰৰ শেষৰখন ছৱি কেনে হ’ব? দৰ্শকলৈ বিশেষ অনুৰোধ শ্বাহৰুখ খানৰ! কি অনুৰোধ কৰিলে বলিউডৰ বাদশ্বাহে
    ডিজিটেল ডেস্কঃ যোৱা বছৰত একেৰাহে তিনিখন হিট ছৱিৰ হেট্ৰিক অৰ্জন কৰিছিল শ্বাহৰুখে। কিন্তু নতুন বছৰত কি পৰিকল্পনা? শ্বাহৰুখে এইবাৰ মুক্তি নাপাব এখনো ছবি? 

    শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত ৱৰ্ল্ড গভাৰনমেণ্ট চামিটৰ বিশেষ অতিথি হিচাপে উপস্থিত আছিল শ্বাহৰুখ। তাতেই তেওঁৰ চলচ্চিত্ৰ জীৱনৰ উত্থান-পতনে, জীৱন দৰ্শনৰ প্ৰায় সকলো দিশকে চুই গৈছিল। যোৱা বছৰ হিট ট্ৰিকৰ পিছত এইবাৰ তেওঁ অৱসৰ ল’ব নেকি? কাৰণ, নতুন বছৰত এতিয়ালৈকে তেওঁৰ কোনো ছবিৰ নাম শুনা নাই।

    শ্বাহৰুখে কৈছিল যে তেওঁ এতিয়াও ৩০ বছৰ হাঁহি হাঁহি অভিনয় কৰিব। অৱশ্যে শ্বাহৰুখে কয় যে তেওঁ কৰা শেষ ছবিখন তেওঁৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ ছবি হ’ব। এই ছবিখনৰ বাবে তেওঁ দৰ্শকক উৰ্দু আৰু আৰবী ভাষা শিকিবলৈ অনুৰোধ কৰিব। তেওঁ বিচাৰে যে তেওঁৰ শেষৰখন ছবি বিশ্বৰ দৰ্শকে চাব।