comScore
  • হেমা মালিনীৰ জন্মদিনৰ পাৰ্টিত দেখা পোৱা নগ’ল ছানী দেউলক! কাৰণ কি?

    মনোৰঞ্জন
    হেমা মালিনীৰ জন্মদিনৰ পাৰ্টিত দেখা পোৱা নগ’ল ছানী দেউলক! কাৰণ কি?
    ডিজিটেল ডেস্কঃ হেমা মালিনীৰ জন্মদিনৰ অনুষ্ঠানত দেখা পোৱা নগ’ল ছানী দেউল আৰু ববি দেউলৰ পৰিয়ালক। ইয়াৰ পাছতে খবৰ আহিবলৈ ধৰে যে অভিনেত্ৰীগৰাকীয়ে এই দুগৰাকী তাৰকাক তেওঁৰ জন্মদিনৰ পাৰ্টিলৈ নিমন্ত্ৰণ কৰা নাছিল। কিন্তু শেহতীয়াকৈ এটা সূত্ৰই জনাইছে যে এই খবৰ সত্য নহয়।

    ছানী, ববী আৰু হেমাৰ মাজত সম্পৰ্ক ভাল নহয় বুলি মাজে মাজে খবৰ ওলাই থাকে। এই কাৰণেই হেমা মালিনীৰ জন্মদিনৰ পাৰ্টিত যেতিয়া ছানী আৰু ববীক দেখা পোৱা নগল, তেতিয়া এই খবৰবোৰে অধিক চৰ্চা লাভ কৰিবলৈ ধৰিলে।

    শেহতীয়াকৈ হেমা মালিনীয়ে এটা সাক্ষাৎকাৰৰ সময়ত ইংগিত দিছিল যে তেওঁৰ আৰু ছানীৰ মাজৰ সম্পৰ্ক ঠিকেই আছে। এনে পৰিস্থিতিত যেতিয়া হেমাৰ জন্মদিনত ছানীক দেখা পোৱা নগ’ল, তেতিয়া পুনৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। এই প্ৰশ্নসমূহৰ উত্তৰ দি এক সূত্ৰই কয় - ''ছানী দেউললৈ নিমন্ত্ৰণ পঠিওৱা হৈছে, কিন্তু ব্যস্ত কৰ্মসূচীৰ বাবে তেওঁ জন্মদিনত উপস্থিত থাকিব পৰা নাছিল। হেমা জী আৰু ছানিৰ মাজত সকলো ঠিকেই আছে আৰু তেওঁলোকৰ মাজত কোনো ধৰণৰ মতভেদ নাই। সেয়েহে কোনো ধৰণৰ গুজৱৰ ইয়াত কোনো স্থান নাই। আনকি হেমা মালিনীৰ বাবে ফুলৰ বুকেও পঠিয়াইছে ছানীয়ে।''

    ছানী হেমাৰ জন্মদিনত উপস্থিত নথকাৰ কাৰণ বিচাৰি এতিয়া হাবাথুৰি খাইছে অনুৰাগীসকলে।