ডিজিটেল ডেস্কঃ প্ৰেম প্ৰসংগৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰে সুস্মিতা সেনে। কিছুদিনৰ আগতে ললিত মোডীৰ সৈতে নাম সাঙোৰ খাইছিল সুস্মিতা সেনৰ। দৰাচলতে অভিনেত্ৰীগৰাকীতকৈ বহু ডাঙৰ ললিত মোডীৰ সৈতে প্ৰেমৰ খবৰ অহাৰ লগে লগে বহুতে সুস্মিতাক ধন-টকা পইচাৰ লোভী বুলি অভিহিত কৰিছিল। বহুতে সুস্মিতাক গল্ড ডিগাৰ বুলি কৈছিল।
এতিয়া বহু মাহৰ পাছত অভিনেত্ৰীগৰাকীয়ে লোভী বুলি কোৱাৰ বাবে নিজৰ মৌনতা ভংগ কৰিছে। নিজৰ বক্তব্যত অভিনেত্ৰীগৰাকীয়ে এনে এটা কথা কৈছে যে ট্ৰ’লাৰসকলে হয়তো অলপ লাজো পাব পাৰে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত ললিত মোডীৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে সেইটোও এটা বেলেগ পৰ্যায়। সুস্মিতা কয়- ‘মিমবোৰ বৰ সুন্দৰ আহি আছে। মজা লাগিছে। কিন্তু কি জানে, যদি আপুনি কাৰোবাক লোভী বুলি কয় তেন্তে তেওঁক মনিটাইজ নকৰিব।
আৰু সুষমিতা সেনে ক'লে- মোক গল্ড ডিগাৰ কৈছে মই সোণ নহয়, হীৰা ভাল পাওঁ।' বাৰু...সেয়াও আছিল এটা বেলেগ অভিজ্ঞতা আৰু এটা বেলেগ পৰ্যায় য’ত বহু কথা ঘটিছিল। যদি মই কাৰোবাক বিয়া কৰাব বিচাৰো তেন্তে বিয়া কৰাম। মই চেষ্টা নকৰো।
কিছুদিনৰ আগতে ললিত মোডীৰ সৈতে সুস্মিতা সেনৰ ফটো ভাইৰেল হৈছিল। এই ফটোবোৰত দেখা ললিত-সুস্মিতাক ৰোমান্টিক মুডত দেখা গৈছিল। এই ফটোবোৰ ভাইৰেল হোৱাৰ লগে লগে ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। এই ফটোবোৰ ভাইৰেল হোৱাৰ লগে লগে সুস্মিতাক বহুত ট্ৰ’ল কৰা হ’ল। সম্প্ৰতি সুস্মিতা সেনক পুনৰ দেখা গৈছে তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰোহমান চাদৰ সৈতে। ইয়াৰ পিছত খবৰ আহিবলৈ ধৰিছে যে দুয়ো আকৌ একেলগে আছে।
Leave A Comment