ডিজিটেল ডেস্কঃ ভাৰতীয় চলচ্চিত্ৰ জগতত যেতিয়াই সৰ্বাধিক উপাৰ্জন কৰা অভিনেতাৰ নাম আহে তেতিয়াই অক্ষয় কুমাৰ, ছলমান খান, শ্বাহৰুখৰ দৰে অভিনেতাৰ নামহে আহে। কিন্তু কথাটো তেনেকুৱা নহয়। এইবাৰ বলীউডক পৰাস্ত কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ থালাপাথী বিজয়ে। তেওঁ কেৱল দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা হোৱাই নহয় বৰং সৰ্ব ভাৰতৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেতা হিচাপে পৰিগণিত হৈছে।
থালাপাথী বিজয়ে ২০০ কোটি টকাৰ পাৰিশ্ৰামিক লাভ কৰা ছবিখনৰ আংশিক নামটো ‘থালাপথী ৬৮’ হিচাপে ৰখা হৈছে। এইখন বিজয়ৰ কেৰিয়াৰৰ ৬৮ সংখ্যক ছবি। শুনিবলৈ পোৱা অনুসৰি এইখন থালাপাথীৰ শেষ ছবিও বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ এই ছবিখনৰ পিছত তেওঁ ৰাজনীতিৰ জগতখনত ভৰি দিয়াৰ পৰিকল্পনা কৰিছে। কিন্তু এতিয়ালৈকে এই বিষয়ত থালাপথী বিজয়ৰ কোনো প্ৰতিক্ৰিয়া অহা নাই।
দুবছৰ আগলৈকে বিজয়ে তেওঁৰ ছবিৰ বাবে ১০০ কোটি টকা লৈছিল। কিন্তু, যেতিয়া তেওঁ নিজৰ ছবিয়ে বক্স অফিচত ভাল কাম কৰা দেখিছিল, তেতিয়া তেওঁৰ মাচুল দুগুণ কৰিলে। থালাপথী বিজয়ৰ পূৰ্বে দেশৰ কোনো অভিনেতাই এখন ছবিৰ বাবে ২০০ কোটি টকাৰ মাচুল লোৱা নাই।
Leave A Comment