comScore
  • ২৭ বছৰে অভিনয় কৰি এতিয়া হ'ল সন্ন্যাসিনী! অভিনয়ক বিদায় দি হিমালয়লৈ যাত্ৰা নূপুৰ অলংকাৰৰ

    মনোৰঞ্জন
    ২৭ বছৰে অভিনয় কৰি এতিয়া হ'ল সন্ন্যাসিনী! অভিনয়ক বিদায় দি হিমালয়লৈ যাত্ৰা নূপুৰ অলংকাৰৰ
    ডিজিটেল ডেস্কঃ টেলিভিছন জগতৰ সুপৰিচিত অভিনেত্ৰী নূপুৰ অলংকাৰে অভিনয় জগতক বিদায় দি সন্ন্যাসিনী হৈ পৰিছে। অভিনেত্ৰী নূপুৰ অলংকাৰে এই উদ্যোগৰ পৰা অৱসৰ গ্ৰহণ কৰি হিমালয়ৰ দিশে গুচি গৈছে। ২৭ বছৰ ধৰি এই উদ্যোগত কৰ্মৰত নূপুৰে সন্ন্যাস ধৰ্ম গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে।

    অভিনেত্ৰী নূপুৰ অলংকাৰে ২৭ বছৰ এই উদ্যোগত কাম কৰি গ্লেমাৰৰ জগতখন এৰি থৈ গৈছে। নূপুৰ অলংকাৰে অভিনয় জগতৰ পৰা অৱসৰ লোৱাৰ তথ্য নিজেই সদৰী কৰিছে। নূপুৰে ফেব্ৰুৱাৰী মাহত অৱসৰ লৈছিল আৰু এতিয়া তেওঁ তীৰ্থযাত্ৰা আৰু দৰিদ্ৰ লোকসকলক সহায় কৰাত ব্যস্ত। নূপুৰ CINTAAৰ এগৰাকী সদস্যও হয়।

    নূপুৰে এই উদ্যোগ এৰি এতিয়া এগৰাকী সন্ন্যাসিনী হৈ পৰিছে। তেওঁ কয় যে এতিয়া তেওঁৰ মনটো আধ্যাত্মিকতাত বান্ধ খাই পৰিছে আৰু গোটেই জীৱনজুৰি এই পথকেই নূপুৰে অনুসৰণ কৰিব। আধ্যাত্মিকতাৰ প্ৰতি নিজকে সমৰ্পিত কৰি মুম্বাইত থকা ফ্লেটটো ভাড়াত দি হিমালয়লৈ গুচি অহা বুলি কয় অভিনেত্ৰীগৰাকীয়ে। নূপুৰৰ স্বামী আৰু পৰিয়ালেও তেওঁৰ সিদ্ধান্ত মানি লৈছে আৰু এতিয়া নূপুৰ তেওঁলোকৰ পৰাও বিচ্ছিন্ন হৈ পৰিছে।

    নুপুৰ অলংকাৰৰ বয়স ৪৯ বছৰ আৰু যোৱা ২৭ বছৰে শ্ব’বিজত কাম কৰি আহিছে। নুপুৰে ‘শক্তিমান’, ‘ঘৰ কী লক্ষ্মী বেতিয়া’, ‘দিয়া ঔৰ বাতি হাম’ আদিকে ধৰি ১৫০টাতকৈও অধিক টিভি শ্ব’ত কাম কৰিছে। ‘ৰাজা জী’, ‘সাৱৰীয়া’, ‘সোনালী কেবল’ আদি ছবিতো নুপুৰক দেখা গৈছিল।