ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰে ধৰ্ম সলনি কৰি মুছলমান যুৱক এজনৰ সৈতে বিবাহপাশত আব্ধ হোৱাৰ বিষয়টোকলৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে দীপিকাই দিছে মাক হ’বলৈ ওলোৱাৰ খবৰ। কেৱল সেয়াই নহয়, দীপিকাই তেওঁৰ অভিনয় জীৱনক বিদায় দিবলৈ সাজু হোৱা বুলিও শেহতীয়া এক সাক্ষাৎকাৰত প্ৰকাশ পাইছে।
শেহতীয়া সাক্ষাৎকাৰটোত, দীপিকাই কৈছিল যে তেওঁ অভিনয় আৰু নকৰে।দীপিকাই অলপতে ছচিয়েল মিডিয়াত মাতৃ হ’বলৈ ওলোৱাৰ খবৰো দিছে। অভিনেত্ৰীগৰাকীয়ে স্বামী অভিনেতা ছোহেব ইব্ৰাহিমৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটোও শ্বেয়াৰ কৰিছিল আৰু মাক হ’বলৈ ওলোৱাৰ খবৰটো দিছিল।অভিনেত্ৰীগৰাকীয়ে সেই পোষ্টটোত স্পষ্টকৈ লিখিছিল যে দীপিকাই মাতৃ হোৱাৰ মুহূৰ্তটো উপভোগ কৰিব বিচাৰে।
দীপিকা কক্কৰে ২০১৮ চনত দ্বিতীয়বাৰৰ বাবে শোৱেব ইব্ৰাহিমৰ সৈতে বিয়া হৈছিল। বিবাহৰ পিছত দীপিকাই ইছলাম ধৰ্ম গ্ৰহণ কৰে। তেওঁৰ এতিয়া নাম ফৈজা। ইয়াক লৈ বিতৰ্কও হৈছিল।ইপিনে দীপিকা কক্কৰে অভিনয় বাদ দিব বুলি হোৱা প্ৰচাৰ অস্বীকাৰ কৰিছে। দীপিকাৰ মতে তেওঁৰ ভাষ্য সাক্ষাৎকাৰটোত ভুলকৈ উপস্থাপন কৰা হৈছে। মাক হোৱাৰ পিছত কিছুদিন জিৰণী লৈ তেওঁ পুনৰ অভিনয়ত নামি পৰিব বুলি ঘোষণা কৰিছে।
Leave A Comment