comScore
  • ‘কাপোৰ নিপিন্ধাকৈ থাকিলে বেমাৰ হ’বই’! চিকিৎসালয়ত ভৰ্তি হোৱা উৰ্ফি জাভেদকলৈ নেটিজেনৰ মন্তব্য

    মনোৰঞ্জন
    ‘কাপোৰ নিপিন্ধাকৈ থাকিলে বেমাৰ হ’বই’! চিকিৎসালয়ত ভৰ্তি হোৱা উৰ্ফি জাভেদকলৈ নেটিজেনৰ মন্তব্য
    ডিজিটেল ডেস্কঃ অস্বাভাৱিক ফেশ্বন চেন্সৰ বাবে বিখ্যাত উৰ্ফি জাভেদে প্ৰায়ে কিবা কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি থাকে। আকৌ এবাৰ তেওঁ বাতৰিৰ শিৰোনামত আছে। নতুন বছৰৰ আৰম্ভণিৰ লগে লগে উৰ্ফি জাভেদ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছে।

    ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে এখন ছবি, যিখন ভাইৰেল হৈ পৰিছে। ফটোখনত উৰ্ফি জাভেদক চিকিৎসালয়ৰ বিচনাত দেখা গৈছে, য’ত তেওঁ মুখত অক্সিজেন মাস্ক পিন্ধি প’জ দিয়া দেখা গৈছে। তেওঁ নিজেই এই ফটোখন নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে।

    এই খবৰ ওলোৱাৰ পিছত মানুহৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে বহু লোকে ধেমেলীয়া মন্তব্য আগবঢ়াইছে।

    উৰ্ফি জাভেদৰ লগত ধেমালি কৰি এজন ইউজাৰে কমেণ্ট বক্সত লিখিছে, ‘অন্ততঃ তেওঁ হস্পিতালত কাপোৰ পিন্ধিছে...’ আনহাতে আন এজন ইউজাৰে ক’লে, ‘আপুনি সদায় কাপোৰ নিপিন্ধাকৈ থাকিলে বেমাৰ হ’বই..' বহু মানুহৰ ভিন ভিন প্ৰতিক্ৰিয়া অহাৰ পাছত অৱশ্যে পিছত অভিনেত্ৰীগৰাকীয়ে এই পোষ্টটো ডিলিট কৰে।

    শেহতীয়াকৈ উৰ্ফিৰ এটা ভিডিঅ’ ওলাইছিল, যিটোৰ ওপৰত বহু চৰ্চা হৈছিল। এই ভিডিঅ’টোত তেওঁক হোটেল এখনত ওৱেটাৰ হিচাপে কাম কৰা দেখা গৈছে। পিছত এই ভিডিঅ’টোৰ সত্যতা কোৱাৰ সময়তে উৰ্ফীয়ে তেওঁৰ অনুৰাগীসকলক কয় যে তেওঁ সমৰ্থন কৰা কেন্সাৰ পেচেণ্টছ এইড এছ’চিয়েশ্যনৰ বাবে ধন সংগ্ৰহৰ বাবে ওৱেটাৰ হোৱাৰ সিদ্ধান্ত লৈছিল।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam online