comScore
  • “মোৰ অৱস্থা ইৰাণৰ মাছা আমিনিৰ দৰে হৈছে!”- সামাজিক মাধ্যমত ট্ৰ’লৰ মুখামুখি হৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে উৰ্বশীয়ে

    মনোৰঞ্জন
    “মোৰ অৱস্থা ইৰাণৰ মাছা আমিনিৰ দৰে হৈছে!”- সামাজিক মাধ্যমত ট্ৰ’লৰ মুখামুখি হৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে উৰ্বশীয়ে
    ডিজিটেল ডেস্কঃ মোৰ অৱস্থা ইৰাণৰ মাছা আমিনিৰ দৰে হৈছে! এইদৰে পুনৰ মুখ খুলিছে উৰ্বশী ৰাউটেলাই। শেহতীয়াকৈ সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে ব্যাপক ট্ৰ’লৰ স্বীকাৰ হৈ আহিছে। তাৰ প্ৰতিক্ৰিয়াস্বৰূপেই তেওঁ এই মন্তব্য কৰিছে।

    উল্লেখযোগ্য যে বিশ্ব কঁপাই জোৱা ইৰাণৰ হিজাব-কাণ্ডত মৃত্যু হৈছিল ২২ বৰ্ষীয় মাছা আমিনি। হিজাব পৰিধান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু থানালৈ নি থকাৰ অৱস্থাতে হৃদৰোগত মাছা আমিনিয়ে মৃত্যুবৰণ কৰিছিল বুলি জানিব পৰা গৈছিল।

    এই মাছা আমিনিৰ প্ৰসংগ দাঙি ধৰিয়ে উৰ্বশীয়ে ইনষ্টাগ্ৰামত লিখিছে যে কোনেও তেওঁৰ ভালকৈ নাভাবে। কোনেও তেওঁক সমৰ্থন নকৰে। তেওঁৰ স’তে কোনো নাই।

    কিন্তু ইয়াৰ পাছতো তেওঁ ভাগি পৰা নাই। লিখিছে যে এগৰাকী শক্তিশালী নাৰীয়ে গভীৰভাৱে ভালপাবও পাৰে। তেওঁৰ মন যিমান কোমল, সিমানেই শক্তিশালীও। তেওঁৰ মাজত বাস্তৱবোধ যিমান আছে, সিমান পৰিমাণে আৱেগো আছে।

    ইনষ্টাগ্ৰামত এইদৰে লিখাৰ পাছতে উৰ্বশীৰ শেহতীয়া বক্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে। মূলতঃ ঋষভ পণ্ট আৰু তেওঁৰ সম্পৰ্কক লৈয়েই এইদৰে বক্তব্য প্ৰদান কৰিছে। উৰ্বশীয়ে আশংকা কৰিছে যে ইমানখিনি ট্ৰ’লৰ স্বীকাৰ হোৱাৰ পাছত তেওঁৰো যদি মাছা আমিনিৰ দৰে মৃত্যু ঘটে!

    উল্লেখযোগ্য যে কৰৱা চৌঠৰ দিনাও উৰ্বশীয়ে এখনো বিশেষ ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল।  কঁপালত সেন্দুৰ, ডিঙিত মংগলসূত্ৰ পৰিধান কৰি বোৱাৰীৰ বেশত তোলা ফটোখন প’ষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰে। অনেক লোকে ফটোখনৰ স’তে ঋষভ পণ্টৰ প্ৰসংগ উল্লেখ কৰিছিল।