• ‘বীৰ জাৰা’ৰ পুনৰ মুক্তিয়ে বক্স অফিচত সংগ্ৰহ কৰিলে ১০০ কোটি টকা ; শ্বাহৰুখ খানৰ ২০ বছৰীয়া পুৰণি প্ৰেম কাহিনীয়ে তুলিছে খলকনি

    মনোৰঞ্জন
    ‘বীৰ জাৰা’ৰ পুনৰ মুক্তিয়ে বক্স অফিচত সংগ্ৰহ কৰিলে ১০০ কোটি টকা  ; শ্বাহৰুখ খানৰ ২০ বছৰীয়া পুৰণি প্ৰেম কাহিনীয়ে তুলিছে খলকনি
    ডিজিটেল ডেস্ক: শ্বাহৰুখ খান আৰু প্ৰীতি জিন্তাৰ ব্লকবাষ্টাৰ ৰোমান্টিক ছবি ‘বীৰ-জাৰা’ ছবিগৃহত পুনৰ মুক্তি লাভ কৰিছে। এইবাৰ ছবিখনে ইতিহাসৰ ৰচিলে। পুনৰ মুক্তিৰ লগে লগে ছবিখনে বিশ্বজুৰি ১০০ কোটি টকাৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

    ১৩ ছেপ্টেম্বৰত (শুকুৰবাৰ) পুনৰ মুক্তি পোৱা ‘বীৰ-জাৰা’ই ভাৰতত এক খলকনিৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ মতে, ‘বীৰ-জাৰা’ই প্ৰথম দিনাই ২০ লাখ টকা উপাৰ্জন কৰে। শনিবাৰে ছবিখনে ৩২ লাখ আৰু দেওবাৰে ৩৮ লাখ টকা সংগ্ৰহ কৰে। সোমবাৰে ২০ লাখ, মঙলবাৰে ১৮ লাখ, বুধবাৰে ১৫ লাখ আৰু বৃহস্পতিবাৰে ১৪ লাখ টকা সংগ্ৰহ কৰিছে ‘বীৰ-জাৰা’ই।

    veer zaara re release shah rukh khan ...


    বক্স অফিচত এসপ্তাহত মুঠ ১.৫৭ কোটি টকা সংগ্ৰহ কৰে ‘বীৰ-জাৰা’ই। এই ছবিখনে বিদেশত ১.৮০ কোটি টকা উপাৰ্জন কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো ৰূপালী পৰ্দাত মুক্তি পাইছিল ‘বীৰ-জাৰা’। ২০০৫ চনৰ পৰা ২০২৪ চনলৈ কেইবাবাৰো পুনৰ মুক্তি লাভ কৰা এই ছবিখনে বিশ্বজুৰি ১০০ কোটিৰো অধিক উপাৰ্জন কৰে।



    Veer Zaara Re-release: 20 साल बाद ...
    যশ চোপ্ৰাৰ পৰিচালিত ‘বীৰ-জাৰা’ প্ৰথমবাৰৰ বাবে ২০০৪ চনত মুক্তি লাভ কৰিছিল। এই প্ৰেম কাহিনীত শ্বাহৰুখ খান আৰু প্ৰীতি জিন্তাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ভাৰতীয় ল'ৰা আৰু পাকিস্তানী ছোৱালীৰ প্ৰেম কাহিনী ছবিখনত দেখুওৱা হৈছে। যিসকলে দুখন দেশৰ শত্ৰুতাৰ বলি হয় আৰু এই কাৰনতেই তেওঁলোকৰ বিচ্ছেদ হয় তাৰ পিছত বছৰ বছৰ ধৰি অপেক্ষা কৰি পুনৰ একত্ৰিত হয়। অভিনেত্ৰী ৰাণী মুখাৰ্জী, কিৰন খেৰ, বোমন ইৰানী, অমিতাভ বচ্চন, অনুপম খেৰ আৰু দিব্য দত্তও ছবিখনৰ অংশ।