• কলি লাগিছে বলীউডত! এইবাৰ মৃত্যুৰ ভাবুকি বিকি-কেটৰিনালৈ

    মনোৰঞ্জন
    কলি লাগিছে বলীউডত! এইবাৰ মৃত্যুৰ ভাবুকি বিকি-কেটৰিনালৈ
    ডিজিটেল ডেস্ক: বলীউড মানেই সাধাৰণ নাগৰিকৰ বাবে এক অবুজ সাঁথৰ। বলীউডৰ মায়াময় জগতখনৰ খবৰৰ বাবে উদগ্ৰীৱ হৈ থাকে দেশৰ অযুত অনুৰাগী। বলীউড আৰু বিতৰ্ক- দুয়ো এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। চিনেমা জগতখনৰ তাৰকা সকলৰ বিভিন্ন কাৰ্যকলাপ তথা নিৰ্মিত ছবিক কেন্দ্ৰ কৰি দেশত প্ৰায়ে নিত্য নতুন বিতৰ্কৰ সৃষ্টি হয়। পিছে এই বিতৰ্ক সমূহ এতিয়া অতীত। শেহতীয়াকৈ বিতৰ্কক পিছলৈ ঠেলি অন্য এক কাৰকে বলীউডৰ মজিয়া গৰম কৰিছে, হৈ পৰিছে বাতৰিৰ শিৰোনাম। 

    সম্প্ৰতি বলীউদত কালিকা লাগিছে। এই কালিকাৰ কবলত পৰিছে বলীউডৰ তাৰকা নায়ক-নায়িকা। এই কালিকাই কঢ়িয়াই আনিছে চিনেমা জগতখনৰ তাৰকালৈ জীৱনৰ ভাবুকি। নিৰাপত্তাৰ সংশয়ত ভুগিছে বলীউদৰ কলা-কুশলী সকলে। 

    বলীউডৰ চুপাৰষ্টাৰ ছলমান খানে কিছুদিন পূৰ্বে অজ্ঞাত কোনো দুৰ্বৃত্তৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছিল। এখন বেনামী পত্ৰত তাৰকা গৰাকীক হত্যাৰ ভাবুকি দিছিল অচিনাকী দুৰ্বৃত্তই। ছলমান খানলৈ অহা এই ভাবুকিয়ে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। 

    ছলমানৰ পিছতে বলীউডৰ আন এগৰাকী শক্তিশালী অভিনেত্ৰী স্বাৰা ভাস্কৰেও লাভ কৰিছিল মৃত্যুৰ ভাবুকি। অচিনাক্ত কোনো দুৰ্বৃত্তই স্বাৰা ভাস্কৰৰ বাসগৃহলৈ স্পীড পোষ্টৰ জৰিয়তে প্ৰেৰণ কৰা এখন বেনামী পত্ৰৰ দ্বাৰা মৃত্যুৰ ভাবুকি লাভ কৰিছিল।

    এইবাৰ পুনৰ আন এক মৃত্যুৰ ভাবুকিয়ে খলকনি তুলিছে বলীউড জগতত। সাম্প্ৰতিক বলীউড জগতৰ অন্যতম চৰ্চিত দম্পতী অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফক ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো অচিনাক্ত ব্যক্তিয়ে মৃত্যুৰ ভাবুকি দিছে। ইতিমধ্যে এই সন্দৰ্ভত মুম্বাইৰ ছাণ্টাক্ৰুজ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। 

    মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে জনপ্ৰিয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত অচিনাক্ত দুৰ্বৃত্ত গৰাকীয়ে দীৰ্ঘদিনৰ পৰা কেটৰিনা কাইফক অনুসৰণ কৰি আছিল। ইনষ্টাগ্ৰামতে দুৰ্বৃত্ত গৰাকীয়ে দম্পতীহালক মৃত্যুৰ ভাবুকি দিছিল। ইতিমধ্যে ছাণ্টাক্ৰুজ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬-২ আৰু ৩৫৪-ডিৰ অধীনত অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। লগতে আই টি এক্টৰ ধাৰা ৬৭ ৰ অধীনতো আন এটা গোচৰ ৰুজু কৰা হৈছে।

    আৰক্ষীয়ে সম্প্ৰতিএই গোচৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে এই বিষয়ত কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlinelive baccaratlive casinopg soft pragmatic play banjir cuancaptain bounty di pelabuhan ratulucky neko 2025 membarasambaran petir x1000 pragmatic playpersaingan naga pragmatic play x pg softguru salsa menang scatter hitampg soft bagi-bagi cuancuti lebaran 2025 mahyong wins pragmatic playpg soft game penghasil cuan 2025pragmatic play dan pg soft server thailandpragmatic play scatter pecah selayarmenang sensasional pragmatic play x1000scatter pecah x1000 pragmatic playpg soft dan pragmatic play trending 2025pg soft pragmatic play server thailand