ডিজিটেল ডেস্কঃ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী। বিহু মঞ্চ কঁপাবলৈ সাজু ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল। সাজু জুবিন গাৰ্গৰ পৰা মৰ্মিতা মিত্ৰলৈকে।
কিন্তু বিহু মঞ্চত কোন শিল্পীৰ কিমান মাননি? সবিশেষ জানিবৰ বাবে চাওক আমাৰ প্ৰতিবেদন।
দামী কণ্ঠশিল্পীৰ প্ৰথম স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মাননি এইবাৰ বিহু মঞ্চত ৭ৰ পৰা ১৫ লাখ টকা।
আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হʼল পাপন। এইবাৰ বিহু মঞ্চৰ বাবে পাপনক লাগিব ১০ৰ পৰা ১৫ লাখ টকা।
আচুৰ্য বৰপাত্ৰক আপোনাৰ কাষৰ বিহু মঞ্চত পাবৰ কাৰণে মাননি দিব লাগিব ২.৫ ৰ পৰা ৫ লাখ টকা।
নীল আকাশক দিব লাগিব ৩ৰ পৰা ৫ লাখ টকা।
দীক্ষুক দিব লাগিব ২ৰ পৰা ৩ লাখ টকা।
ভৃগু কাশ্যপৰ মাননি হৈছে ১.৫ৰ পৰা ৩ লাখ টকা।
কুসুম কৈলাসৰ বিহু মঞ্চৰ বাবে মাননি হʼব ১.৫ৰ পৰা ২.৫ লাখ টকা ।
পুৰুষ কণ্ঠশিল্পীসকলৰ সমানে বিহু মঞ্চৰ বাবে সাজু মহিলা কণ্ঠশিল্পীসকলো।
প্ৰিয়ংকা ভৰালীৰ মাননি হৈছে ১.৫ৰ পৰা ৩ লাখ টকা।
দীপলীনা ডেকাক দিব লাগিব ২ৰ পৰা ৩ লাখ টকা।
জুবলী বৰুৱাৰ মাননি হৈছে ২ৰ পৰা ৩ লাখ টকা।
নীলাক্ষি নেওগক দিব লাগিব ১ৰ পৰা ২ লাখ টকা।
মৰ্মিতা মিত্ৰৰ মাননি ১ৰ পৰা ২ লাখ টকা।
অভিশ্ৰুতি বেজবৰুৱাৰ মাননি হৈছে ১ৰ পৰা ১.৫ লাখ টকা পৰ্যন্ত।
উৎস- দৈনিক জনমভূমি
Leave A Comment