ডিজিটেল ডেস্ক: এসময়ত বিতৰ্কত থকা অ’চি ভাৰ্গৱ বৰবৰাক নতুনকৈ দিয়া হ'ল নিযুক্তি৷ অ’চি ভাৰ্গৱ বৰবৰাক মনত আছেনে? ভাৰ্গৱ বৰবৰাক নতুনকৈ দিয়া হ'ল নিযুক্তি? কিন্তু ক'ত দিয়া হ'ল নিযুক্তি। পাণবজাৰ আৰক্ষী থানাৰ প্ৰাক্তন অ’চি ভাৰ্গৱ বৰবৰাক বিভাগে পুনৰ দিলে নিযুক্তি। বিতৰ্কিত অ’চি বৰাক নিযুক্তি দিলে গোৱালপাৰাৰ ১৭ অসম আৰক্ষী বেটেলিয়নত।
উল্লেখযোগ্য যে বিগত বৰ্ষত ফাঁচি বজাৰত অনলাইন সামগ্ৰী ডেলিভাৰী কৰা এজন যুৱকক ৰাজপথতে বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। এই ঘটনাৰ পাছতেই তাৎক্ষণিকভাৱে ডিজিপিয়ে নিলম্বন কৰিছিল ভাৰ্গৱ বৰবৰাক।
ফাঁচি বজাৰৰ ৰাজপথতে আইন হাতত তুলি লৈছিল অ’চি ভাৰ্গৱ বৰবৰাই। এই সমগ্ৰ ঘটনাটো সামাজিক মাধ্যমত বহুলভাৱে চৰ্চা হৈছিল। পুনৰ নিলম্বিত অ’চি ভাৰ্গৱ বৰবৰাক নতুনকৈ দিয়া হ'ল নিযুক্তি।
উৎস- দৈনিক জনমভূমি
Leave A Comment