• হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে অনেক উপকাৰী গুণ আছে ডালচেনিৰ! এনেদৰে কৰক ব্যৱহাৰ

    স্বাস্থ্য
    হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে অনেক উপকাৰী গুণ আছে ডালচেনিৰ! এনেদৰে কৰক ব্যৱহাৰ
    ডিজিটেল ডেস্কঃ ডালচেনি এবিধ বনৌষধি মছলা। যিটো ভাৰতীয় প্ৰতিটো পাকঘৰতে সহজে পোৱা যায়। ডালচেনি হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট, কেলচিয়াম, আইৰণ, ভিটামিন চি, ভিটামিন ই, কেলচিয়াম, এণ্টিঅক্সিডেণ্ট ফাইবাৰ আৰু এণ্টি-ইনফ্লেমেটৰী আদি গুণৰ ভঁৰাল। সেইবাবেই ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰে বহু উপকাৰ লাভ কৰে। 

    ডালচেনি সেৱন কৰিলে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ উপৰিও ডালচেনিয়ে হাঁপানীৰ দৰে ৰোগৰ পৰাও ৰক্ষা কৰে। কেৱল এয়াই নহয়, কলেষ্টেৰল আৰু পিৰিয়ডৰ বিষো কম কৰিব পাৰে ডালচেনিয়ে। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ডালচেনি পানীয় বনোৱাৰ ৰেচিপি। এই স্বাস্থ্যসন্মত আৰু সোৱাদযুক্ত পানীয়ই শৰীৰত উষ্ণতা প্ৰদান কৰে, যাতে আপুনি চৰ্দি আৰু কাহৰ পৰা হাত সাৰিব পাৰে, গতিকে আহকচোন ডালচেনি পানীয় তৈয়াৰ কৰাৰ পদ্ধতি জানি লও।

    ডালচেনি পানীয় বনাবলৈ প্ৰয়োজনীয় উপাদান-

    ১) একাপ গাখীৰ
    ২) ডালচেনি
    ৩) ৪ টা লং
    ৪) দুটা ইলাচি
    ৫)এক চামুচ মৌ

    ডালচেনি পানীয় কেনেকৈ বনাব? 

    ডালচেনি পানীয় বনাবলৈ প্ৰথমে কেৰাহীত গাখীৰ ঢালি দিব।
    তাৰ পিছত গৰম কৰিবলৈ কম জুইত ৰাখক।
    ইয়াৰ পিছত তাত সকলো উপাদান একেলগে মিহলাই লওক।
    তাৰ পিছত আপুনি এই পানীয়টো কম জুইত ৰাখিব যেতিয়ালৈকে ইয়াৰ ৰং আৰু গোন্ধ সলনি নহয়।
    ইয়াৰ পিছত যেতিয়া ভালকৈ উতলি সিজি যাব, তেতিয়া আপুনি গেছ বন্ধ কৰি দিব।
    তাৰপাছত অলপ ঠাণ্ডা হ’লে আপুনি ইয়াক চাৰ্ভিং গ্লাছত ফিল্টাৰ কৰিব।
    এতিয়া আপোনাৰ স্বাস্থ্যকৰ ডালচেনিৰ পানীয় সাজু হৈছে।