ডিজিটেল ডেস্কঃ ভীমকল বা আঠীয়া কলৰ বিষয়ে আমি সকলোৱে জানো৷ ভীমকলৰ অসীম পুষ্টিগুণ থকাৰ বাবে আজিকালি শিশুৰ বাবে ভীমকলৰ পৰা ভীমভিটা, ভীম পাউডাৰ আদি প্ৰস্তুত কৰি উলিয়াইছে৷
ভীমকলৰ আন কিছুমান উপকাৰিতাৰ বিষয়ে জানো আহক
শীতকালত প্ৰতিদিনে এটাকৈ ভীমকল খালে শৰীৰৰ শ্ৰীবৃদ্ধি হয়
পকা ভীমকলত যথেষ্ট পৰিমাণে পটাচিয়াম থাকে সেয়েহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ভীমকল উপকাৰী৷
শৰীৰৰ ওজন বৃদ্ধি কৰিবৰ কাৰণে পকা ভীমকলৰ লগত বুটমাহ খাব লাগে৷ এনেদৰে খোৱাৰ প্ৰায় ১০-১৫ মিনিটৰ পাছত পানী খালে দেহৰ ওজন বৃদ্ধি পায়৷
ভীমকলৰ পচলা খালে কৌষ্ঠকাঠিন্যতা দূৰ হয়৷
ৰক্তহীনতাত ভোগা লোকৰ বাবে ভীমকলৰ ডিল অতি উপকাৰী৷
টোপনি কম হ’লে পকা ভীমকলৰ গুটি আঁতৰাই এগিলাচ গাখীৰত মিহলাই খালে সুফল পোৱা যায়৷
গতিকে ভীমকল দৈনিক এটাকৈ খাই শৰীৰটোক ৰোগমুক্ত কৰি ৰাখোঁ আহক৷
Leave A Comment