• ক’লাৰ্ছ অব্ নৰ্থ-ইষ্টৰ উদ্যোগত আৰু শদিয়া ইক’ কেম্পৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজিত শদিয়া সাহিত্য উৎসৱৰ সফল সামৰণি

    আঞ্চলিক
    ক’লাৰ্ছ অব্ নৰ্থ-ইষ্টৰ উদ্যোগত আৰু শদিয়া ইক’ কেম্পৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজিত  শদিয়া সাহিত্য উৎসৱৰ সফল সামৰণি
    ডিজিটেল ডেস্কঃ বিনন্দীয়া অসমৰ য’ত আৰম্ভণি, শতফুলৰ দেশ হিচাপে পৰিচিত, অসমৰ প্ৰথমখন ঠাই শদিয়াত ক’লাৰ্ছ অব্ নৰ্থ-ইষ্টৰ উদ্যোগত আৰু শদিয়া ইক’ কেম্পৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজিত শদিয়া সাহিত্য উৎসৱৰ সফল সামৰণি পৰে।

    ২৩ ফেব্ৰুৱাৰীত এদিনীয়াকৈ অনুষ্ঠিত উৎসৱৰ মুখ্য আকৰ্ষণ আছিল তিনিখনকৈ আকৰ্ষণীয় আৰু গাম্ভীৰ্যপূৰ্ণ আলোচনা-চক্ৰ। প্ৰথমখন আলোচনা-চক্ৰ ‘সামাজিক মাধ্যমৰ সাহিত্য আৰু মূলসুঁতিৰ সাহিত্যত ইয়াৰ প্ৰভাৱ’ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে জনপ্ৰিয় আৰু শক্তিশালী গল্গকাৰ, ঔপন্যাসিক মনালিছা শইকীয়া, কবি, গল্পকাৰ, ঔপন্যাসিক, কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী দীপ্তি দত্ত কলিতা আৰু কবি, লেখিকা, সমালোচক তথা সাহিত্য সংগঠক তৃপ্তি দাসে। 

    দ্বিতীয়খন আলোচনা-চক্ৰ  ‘বহনক্ষম পৰ্যটন- অসমৰ পটভূমিত গ্রাম্য পর্যটন আৰু হ'মষ্টেৰ সম্ভাৱনা’ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট পক্ষীবিদ, তিনিচুকীয়া মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু উপাধ্যক্ষ ড০ ৰঞ্জন কুমাৰ দাস, অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক, Golden Dawn Digital Coaching Academyৰ স্বত্বাধিকাৰী, হ’মষ্টে ব্যৱস্থাপনাৰ সৈতে জড়িত ড০ হীৰণমণি বৰগোহাঁই গগৈ আৰু পৰ্যটন উদ্যোগী, কাজিৰঙাস্থিত ‘আঘোণ’ৰ স্বত্বাধিকাৰী, DY365ৰ প্ৰাক্তন যুটীয়া কাৰ্যবাহী সম্পাদক অভিজিত গগৈয়ে। 

    তৃতীয় আলোচনা-চক্ৰ ‘প্রান্তীয় সাহিত্য’ত সমল ব্যক্তি হিচাপে অংশ লয় সাহিত্যৰ গৱেষক আৰু চিন্তাবিদ, তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাণা কুমাৰ চাংমাই, কবি, গৱেষক, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ ৰুণজুন শইকীয়া, শক্তিশালী গল্পকাৰ, নিবন্ধ লেখক, পদ্মনাথ গোহাঞিবৰুৱা, চৰকাৰী আদৰ্শ মহাবিদ্যালয় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ পঞ্চানন হাজৰিকাই ।

    ‘নির্বাচিত গ্ৰন্থৰ বিষয়ে আলোচনা’ত বাংগালোৰস্থিত ছফটৱেৰ ইঞ্জিনীয়াৰ জীৱন জ্যোতি বৰদলৈৰ কৃত্ৰিম বুদ্ধিমত্তাক বিষয় হিচাপে লৈ লিখা ‘ঈশ্বৰ’ আৰু লেখক, মনোজ লাল গগৈৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত উপন্যাস ‘ভাৰ্চিটি’ৰ চমু আলোচনা আগবঢ়ায় প্ৰাঞ্জল প্ৰতিম দত্তই।

    কবি, বিশেষজ্ঞ চিকিৎসক, অধ্যাপক ডাঃ প্ৰণয় ফুকন, কবি, বিশেষজ্ঞ চিকিৎসক, ডাঃ নীলাক্ষি চলিহা গগৈ, কবি তথা অনুবাদক কৌস্তভমণি শইকীয়া দত্ত,  কবি, অৱসৰপ্ৰাপ্ত শিক্ষক ভৱানী প্রসাদ ঢুংগানা, কবি, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, প্ৰাক্তন উপ-পৌৰপতি গীতাঞ্জলি কলিতা গগৈ, কবি, ৰঞ্জু গগৈ (গুৱাহাটী)য়ে ‘কবিতাৰ আবেলি’ শীৰ্ষক কাব্যানুষ্ঠানটিত কবিতা পাঠ কৰে। অনুষ্ঠানত লেখক, অসম আৰক্ষী বেটেলিয়নৰ মহা-পৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাইৰ তিনিখন গ্ৰন্থ ক্ৰমে ন’বেল প্ৰাপক সাহিত্যিক এলবেয়াৰ কাম্যুৰ উপন্যাস ‘দ্য ফল’ (অনুবাদ), ফ্ৰানজ কাফকাৰ ‘দ্য ট্ৰায়েল’ (অনুবাদ) আৰু ‘নিৰ্বাচিত কবিতা’ উন্মোচন কৰে ড০ ৰঞ্জন কুমাৰ চাংমাই, শদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন চুতীয়া আৰু শদিয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গোবিন হাজৰিকাই।

    সন্ধিয়া ‘Musical Poetry’ শীৰ্ষক অনুষ্ঠানটিত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ লিয়নিতা গগৈ টাহু, গৌতম বৰকটকী, ৰিংকু ৰঞ্জন গগৈ আৰু নৱ বৰুৱাই সংগীতৰ সৈতে কেইবাটাও কবিতা পৰিৱেশন কৰে। সামৰণিৰ সাংস্কৃতিক কাৰ্যসূচীত লঘু সংগীতৰ অনুষ্ঠান (acoustic)ত ছাহিল দত্ত আৰু ৰাজ নেওগী (সীমান্ত)য়ে গীত পৰিৱেশন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ক’লাৰ্ছ অব্ নৰ্থ-ইষ্টৰ বিষয়ববীয়াসকলৰ বন্তি প্ৰজ্বলন, গণশিল্পী ৰাজীৱ শদিয়ালৈ পৰিয়ালৰ হৈ মাইনু গগৈৰ শ্ৰদ্ধাঞ্জলি, অনন্ত বৰুৱাৰ পৰিচালনাৰে শিশু শিল্পীসকলে কেশৱ মহন্তৰ ৰচনা আৰু খগেন মহন্তৰ সংগীত আৰু মূল কণ্ঠৰ ‘‘মা আমি শদিয়ালৈ যামেই...” পৰিৱেশন কৰে। আদৰণী ভাষণ, গোটেই অনুষ্ঠানটোৰ আঁত ধৰে চাবুৱাৰ ডি ডি আৰ কলেজৰ অধ্যাপক লক্ষীনন্দন বৰগোহাঁয়ে।

    উৎসঃ দৈনিক জনমভূমি
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.com