• শৰীৰত নিজে নিজে উৎপাদন হয় মদ! ড্ৰিংক-ড্ৰাইভিঙৰ অভিযোগত বাৰে বাৰে আৰক্ষীৰ হাতত ধৰা পৰে কেতিয়াও মদ নোখোৱা এইজন লোক

    স্বাস্থ্য
    শৰীৰত নিজে নিজে উৎপাদন হয় মদ! ড্ৰিংক-ড্ৰাইভিঙৰ অভিযোগত বাৰে বাৰে আৰক্ষীৰ হাতত ধৰা পৰে  কেতিয়াও মদ নোখোৱা এইজন লোক
    ডিজিটেল ডেস্কঃ এজন লোক। কোনোদিনে সুৰাপান নকৰা লোকজনৰ দেহত পিছে আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ লগোৱাৰ সময়ত প্ৰতিবাৰে পাইছে সুৰাৰ উপস্থিতি। ফলত আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁ। বেলজিয়ামৰ  এইজন ব্যক্তিক সুৰাপান কৰি গাড়ী চলোৱাৰ পৰা আটক কৰা হৈছিল যদিও তেওঁক অৱশেষত  মুক্তি দিয়া হৈছে । লোকজনৰ দেহত নিজে নিজেই সুৰাৰ সৃষ্টি হয় বুলি আদালত নিশ্চিত হোৱাৰ পিছতে তেওঁক মুক্তি দিয়া হৈছে।  দৰাচলতে লোকজন  অটো-ব্ৰুৱেৰী চিণ্ড্ৰোম (এবিএছ) নামৰ এক বিশেষ লক্ষণত আক্ৰান্ত। 

    এনে লোকসকলৰ দেহত নিজে নিজেই সুৰাৰ সৃষ্টি হয়। এয়া এক অতি বিৰল অৱস্থা য'ত দ্বাৰা শৰীৰে সুৰা উৎপাদন কৰে।  আদালতে  লোকজন অটো-ব্ৰুৱেৰী চিণ্ড্ৰোম থকা বুলি প্ৰমাণ পোৱাৰ পিছতে  লোকজনক  নিৰ্দোষী সাব্যস্ত কৰে।

    বেলজিয়ামৰ চিকিৎসালয় এজেড চিণ্ট-লুকাসৰ এগৰাকী নিদানিক জীৱবিজ্ঞানী লিছা ফ্লৰিনে কয়  যে এবিএছ থকা লোকসকলে দেহত নিজে নিজেই  সুৰা উৎপাদন কৰে । কিন্তু তেওঁলোকে সাধাৰণতে ইয়াৰ প্ৰভাৱ কমকৈ  অনুভৱ কৰে। এককথাত তেওঁলোকৰ দেহত সুৰা  উৎপাদন হোৱা স্বত্বেও নিচা অতি কমকৈ লাগি থাকে। কিন্তু পৰীক্ষা কৰিলে তেওঁলোকৰ দেহত সুৰাৰ উপস্থিতি পোৱা যায়। 

    সাধাৰণতে  এনে লোকসকলে এ.বি.এছ.  জন্মৰে পৰাই লাভ নকৰে। পিছলৈ  সেয়া দেহত   বিকশিত হয় । ৰোগীসকলে সুৰাৰ নিচাৰ সৈতে সামঞ্জস্যপূৰ্ণ লক্ষণ যেনে কথা কওঁতে   জিভা লাগি ধৰা, উজুতি খোৱা,  মূৰ ঘূৰোৱা  আদি লক্ষণ প্ৰকট কৰিব পাৰে।