• চকুৰ জটিল ৰোগ গ্লুক’মা; হেৰাব পাৰে দৃষ্টিশক্তি! লক্ষণ জানি লওক

    স্বাস্থ্য
    চকুৰ জটিল ৰোগ গ্লুক’মা; হেৰাব পাৰে দৃষ্টিশক্তি! লক্ষণ জানি লওক
    ডিজিটেল ডেস্কঃ গ্লুক’মা হৈছে চকুৰ এনে এক ৰোগ যিয়ে স্থায়ীভাৱে দৃষ্টিশক্তিহীনতা বা আনকি অন্ধতাও সৃষ্টি কৰে। সাধাৰণতে বয়সস্থ বা প্ৰাপ্তবয়স্কসকল এই ৰোগত আক্ৰান্ত হয়। কিন্তু চিকিৎসকৰ মতে বহু ডেকা, আনকি সৰু ল’ৰা-ছোৱালীয়েও এই অৱস্থাত ভুগিছে, যাৰ ফলত চকুৰ স্নায়ুৰ ক্ষতি হয়।

    চিকিৎসকৰ মতে, গ্লুক’মাৰ লক্ষণবোৰ ইমানেই লাহে লাহে আৰম্ভ হয় যে প্ৰথমে ধৰিবই নোৱাৰি, যাৰ ফলত পৰৱৰ্তী পৰ্যায়তহে ৰোগ নিৰ্ণয় হয়। গ্ল’ক’মা আছে নে নাই সেইটো জানিবলৈ একমাত্ৰ উপায় হ’ল চকুৰ বিস্তৃত পৰীক্ষা কৰা।

    যুৱক-যুৱতীসকলৰ গ্লুক’মাৰ কাৰণ কি?

    বিশেষজ্ঞসকলে কয় যে কিশোৰ আৰু শিশুৰ গ্ল’ক’মাৰ বহু ক্ষেত্ৰত কোনো নিৰ্দিষ্ট কাৰণ নাথাকে আৰু ইয়াক প্ৰাথমিক গ্ল’ক’মা বুলি গণ্য কৰা হয়। শিশুৰ গ্ল’ক’মাৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল চকুৰ বিভিন্ন এলাৰ্জিজনিত ৰোগৰ বাবে অজানিতে ষ্টেৰইডযুক্ত আই ড্ৰপ ব্যৱহাৰ কৰা।

    লক্ষণসমূহ 

    চকুৰ বিষ বা চাপ
    মূৰৰ বিষ
    পোহৰৰ চাৰিওফালে ৰামধেনু ৰঙৰ প্ৰভাৱ
    দৃষ্টিশক্তি কম
    দৃষ্টিশক্তি অস্পষ্ট আৰু সংকীৰ্ণ
    চকুৰে ক’লা ক’লা স্পট দেখা
    বমি আৰু ওকালি হোৱা
    ৰঙা চকু

    গ্ল’ক’মাৰ চিকিৎসা

    ডাঃ শৰ্মাৰ মতে, “চিকিৎসা প্ৰথম অৱস্থাত চকুৰ চাপ কমোৱাৰ বাবে স্থানীয় ঔষধেৰে গঠিত। যুৱক-যুৱতীসকলৰ গ্ল’ক’মা কোনো জীৱনশৈলীৰ লগত জড়িত ৰোগ নহয় যদিও সাৱধানতা হিচাপে তীব্ৰ উশাহ-নিশাহ বন্ধ কৰা ব্যায়াম আৰু যোগত কপালভাটি পৰিহাৰ কৰিব লাগে।”