• দৈনিক পুৱা চোবাই খাওক এইসমূহ পাত: বহু মাৰাত্মক ৰোগৰ আশংকা নোহোৱা হ'ব

    স্বাস্থ্য
    দৈনিক পুৱা চোবাই খাওক এইসমূহ পাত: বহু মাৰাত্মক ৰোগৰ আশংকা নোহোৱা হ'ব
    ডিজিটেল ডেস্ক: গছ-গছনিৰ প্ৰতিটো অংশই উপকাৰী। কিছুমান গছ-গছনিৰ পাতত ঔষধি গুণ আছে। এনে উপকাৰী পাতেৰে মানুহ সদায় ফিট আৰু সুস্থ হৈ থাকিব পাৰে। প্ৰাচীন কালত ইহঁতক বনৌষধি হিচাপে ব্যৱহাৰ কৰা হৈছিল। আজিও যদি এনে পাত দৈনিক সেৱন কৰা হয়, তেনেহ’লে বহুতো ভয়াবহ ৰোগৰ বিপদৰ পৰা হাত সাৰিব পৰা যায়। সুস্থ হৈ থাকিবলৈ কোনবোৰ পাত খাব লাগে জানক।

    নিমৰ পাত: নিমৰ এন্টি বেক্টেৰিয়াল, এন্টি ভাইৰেল আৰু এন্টি ইনফ্লেমেটৰী গুণ আছে। নিমত থকা পুষ্টিকৰ উপাদানে বহু ৰোগৰ আশংকা দূৰ কৰে।  ইয়াৰ পাত সেৱন কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। নিম পাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগ নিৰাময় কৰে। মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ ক্ষয় আঁতৰোৱাতো উপকাৰী।

    তুলসীৰ পাত: তুলসী হৈছে ঔষধি গুণৰ ভঁৰাল। ইয়াত থকা পুষ্টিকৰ উপাদানে বহু ৰোগৰ আশংকা দূৰ কৰে। তুলসীৰ পাত খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। চৰ্দি আৰু ফ্লুৰ সমস্যা দূৰ কৰে। ছাল, চুলি আৰু মুখৰ স্বাস্থ্যৰ বাবে উপকাৰী।

    পদিনা পাত: চাটনিৰ দৰে বস্তু তৈয়াৰ কৰাত পদিনা বহুলভাৱে ব্যৱহাৰ কৰা হয়। খালী পেটত পদিনা পাত খালে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। এইবোৰত থকা গুণে পেটলৈ শীতলতা আনে। পদিনাই গেছ, পেট ফুলা আৰু এচিডিটিৰ দৰে সমস্যা দূৰ কৰে।

    মধুৰিআমৰ পাত: মধুৰিআমৰ পাতত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। এই পাত খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।  মধুৰিআমৰ পাতে চৰ্দি আৰু ফ্লুৰ দৰে সমস্যা দূৰ কৰে। মধুৰিআমৰ পাত উতলাই খালে ডায়েবেটিছো নিয়ন্ত্ৰণত থাকে।

    নৰসিংহ পাত: খাদ্য সুস্বাদু কৰিবলৈ নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়। এই পাতবোৰো ঔষধি গুণেৰে ভৰপূৰ। মধুমেহ ৰোগত খালী পেটত নৰসিংহৰ পাত খোৱাটো উপকাৰী। নৰসিংহ পাতৰ গ্লাইচেমিক সূচকাংক অতি কম, ই তেজত শৰ্কৰা হ্ৰাস কৰাত সহায় কৰে।