• তৰমুজ খাওতে বীজ পেটলৈ গৈছে নেকি? ইয়াৰ ফলত কি হয় জানো আহক

    স্বাস্থ্য
    তৰমুজ খাওতে বীজ পেটলৈ গৈছে নেকি? ইয়াৰ ফলত কি হয় জানো আহক
    ডিজিটেল ডেস্কঃ এতিয়া তৰমুজৰ (Watermelon) বতৰ। তৰমুজ বহুতৰে প্ৰিয় ফল। এই ফলবিধৰ আছে বহু উপকাৰী গুণ। ৯২ শতাংশ পানীৰে ভৰা তৰমুজ গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি উপকাৰী।গৰমৰ দিনত শৰীৰ হাইড্ৰেট কৰি ৰখাত সহায় কৰে তৰমুজে। গ্ৰীষ্মকালত ঠাণ্ডা তৰমুজৰ টুকুৰা এটা মুখত পৰিলেই মানুহৰ দেহা-মন শাঁত পৰি যায়। 

    তৰমুজৰ গুণ:

    ১)তৰমুজে শৰীৰত পানীৰ অভাৱ হ্ৰাস কৰে। ভাগৰ হ্ৰাস কৰে।
    ২)ইয়াৰ বহুতো পুষ্টি আৰু ভিটামিনে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে।
    ৩)প্ৰস্ৰাৱ বা বৃক্কৰ বিভিন্ন ৰোগ বা সমস্যা থকা সকলৰ বাবে তৰমুজ অতি উপকাৰী।
    ৪)হজম বৃদ্ধি কৰাতো তৰমুজ উপযোগী।

    তৰমুজ অত্যাধিক খোৱাৰ সমস্যা:

    যদিও তৰমুজে আন খাদ্য হজম কৰাত সহায় কৰে, ই নিজে পলমকৈ হজম হয়। ফলস্বৰূপে অত্যাধিক তৰমুজ খোৱাৰ ফলত গেছৰ সমস্যা হ'ব পাৰে।

    কিমান তৰমুজ খাব লাগে:

    আপুনি এবাটি কটা তৰমুজ খাব পাৰে। সীমিত পৰিমাণত যিকোনো বস্তু খালেহে দেহৰ বাবে উপকাৰ সাধন হয়। গধুৰ আহাৰ খোৱাৰ পাছত তৰমুজ নাখাব।

    তৰমুজৰ বীজ খালে কি হয়:

    কেতিয়াবা তৰমুজ খালে হয়তো তৰমুজৰ বীজো আপোনাৰ পেটলৈ যায়। হয়তো আপুনি ভাবিব পাৰে এই বীজ পেটলৈ গলে কিবা অপকাৰ হব পাৰে নেকি। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে তৰমুজৰ বীজত লিনোলিক এচিড, অলিক এচিড, পালমিটিক আৰু ষ্টিয়াৰিক এচিড থাকে। যদি এইবোৰ শৰীৰলৈ যায়, কোনো ক্ষতি নাই, ইয়াৰ বিপৰীতে যথেষ্ট লাভহে আছে। তৰমুজৰ বীজে শৰীৰ শীতল কৰে, পাচন ক্ষমতা বৃদ্ধি কৰে। আনকি বিশেষজ্ঞসকলে কয় যে তৰমুজৰ বীজ শুকুৱাইও খাব পাৰি।