• অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী! ৫ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ

    আঞ্চলিক
    অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী! ৫ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ
    ডিজিটেল ডেস্কঃ অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী! অধিবক্তা চাবাহ আল জাৰিদক ৫ লাখ টকা ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ অসম আৰক্ষীক।

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা। গ্ৰেপ্তাৰৰ সময়ত বেআইনীভাৱে অধিবক্তাগৰাকীক হেণ্ডকাফ লগোৱা বাবে এই জৰিমনা অসম আৰক্ষীক।

    ২০১৬ৰ ৫ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল অধিবক্তাগৰাকীক। ফইজল হক নামৰ হোমগাৰ্ড এগৰাকীয়ে ব্যক্তিগত সংঘাতৰ বাবে এজাহাৰ দিছিল পাণবজাৰ আৰক্ষীত।

    অধিবক্তাগৰাকীয়ে আত্মসমৰ্পণ কৰাৰ পিছতো শাৰীৰিক পৰীক্ষা আৰু আদালতত নিয়াৰ সময়ত হেণ্ডকাফ লগাইছিল আৰক্ষীয়ে।

    অধিবক্তা চাবাহ আল জাৰিদক দুমাহৰ ভিতৰত ক্ষতিপূৰণ দিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।