• দেহত আইৰণ নাথাকিলে ৰক্তহীনতা হ'ব পাৰে! আইৰণৰ অভাৱৰ লক্ষণ আৰু কি কি খোৱাটো উচিত জানি লওক

    স্বাস্থ্য
    দেহত আইৰণ নাথাকিলে ৰক্তহীনতা হ'ব পাৰে!  আইৰণৰ অভাৱৰ লক্ষণ আৰু  কি কি খোৱাটো উচিত জানি লওক
    ডিজিটেল ডেস্কঃ আমাৰ শৰীৰত আইৰণ থকাটো অতি প্ৰয়োজন।  শৰীৰৰ সামগ্ৰিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে আমাক বহুত খনিজ পদাৰ্থৰ প্ৰয়োজন, ইয়াৰে এটা হ’ল আইৰণ। আইৰণৰ উপস্থিতিৰ বাবে আমাৰ শৰীৰে সঠিকভাৱে কাম কৰে। ইয়াৰ জৰিয়তে শৰীৰত ৰক্তকণিকা উৎপন্ন হয়। আইৰণৰ অভাৱ হ’লে ৰক্তহীনতাৰ বলি হ’ব পাৰে। বহু সময়ত জীৱনশৈলীৰ অৱনতি আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে মানুহৰ দেহত আইৰণৰ অভাৱ হয়।

    আইৰণৰ অভাৱত এনে লক্ষণ দেখা যায়

    -সকলো সময়তে ভাগৰুৱা অনুভৱ।
    -সঘনাই জিভা শুকান হোৱা
    -বহুত পিয়াহ লগা।
    -সকলো সময়তে দুৰ্বল অনুভৱ কৰা।
    -অত্যধিক চুলি সৰি পৰা
    -ডিঙিৰ বিষ বৃদ্ধি
    -শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা।



    দেহত আইৰণ থাকিবলৈ হলে কি কি খাব লাগিব?


    -আলমণ্ড
    -কাজু
    -আখৰোট
    -তুলসী
    -গুড়
    -বাদাম
    -তিল
    -বীটৰুট
    -আমলখি
    -জামু
    -পিস্তা
    -নেমু
    -ডালিম
    -আপেল
    -পালেংশাক
    -কিচমিচ
    -অঞ্জীৰ
    -মধুৰী
    -কল
    -গজালি ওলোৱা মগু