• নিমপাতৰ পানীৰে মুখ ধুুলে পাব ৪টা উপকাৰ

    স্বাস্থ্য
    নিমপাতৰ পানীৰে মুখ ধুুলে পাব ৪টা উপকাৰ
    ডিজিটেল ডেস্কঃ আজিকালি বেছিভাগ মানুহেই ছালৰ লগত জড়িত বিভিন্ন O ভুগি থাকে। ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু কিছুমানে তথাপিও কোনো সুফল নাপায়। আপুনি জানেনে ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ নিমপাতৰ পানী অতি উপকাৰী। সেইবাবেই নিম পানীৰে দৈনিক মুখ ধুব লাগে। আজি আমি ইয়াত ক’ম নিম পানীৰে মুখ ধুলে কি কি উপকাৰিতা আপুনি লাভ কৰিব...  

    নিম পানীৰে মুখ ধোৱাৰ উপকাৰিতাসমূহ


    ১) ব্ৰণ নিৰাময় কৰেঃ নিম পানীৰে মুখ ধুলে ব্ৰণৰ পৰা মুক্তি পায়। কাৰণ ই ছালত থকা মলি আৰু তেল পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে ব্ৰণৰ প্ৰদাহ কমায়। যদি আপুনি ব্ৰণৰ সমস্যাত ভুগি আছে তেন্তে নিম পানীৰে দৈনিক মুখ ধুব পাৰে।


    ২) ছালৰ এলাৰ্জীৰ পৰা মুক্তি পাবঃ নিমৰ এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে ছালত থকা ক্ষতিকাৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ইয়াৰ দ্বাৰা দৈনিক মুখ ধোৱে তেন্তে ছালৰ এলাৰ্জী, ফোহা, খজুৱতি আদি সমস্যাৰ পৰা মুক্তি পোৱাত ই সহায়ক হব।

    ৩) দাগবোৰ পৰিষ্কাৰ হৈ যায়ঃ নিম পানীৰে মুখ ধুলে ছালৰ ৰং উন্নত হয়। লগতে মুখৰ দাগ, গুটি আৰু ছাল ক’লা হোৱা আদিৰ পৰা মুক্তি পায়। 


    ৪) তেলীয়া আৰু শুকান দুয়োটা ছালৰ চিকিৎসা কৰেঃ নিমত থকা এন্টিঅক্সিডেন্ট আৰু এন্টিচেপ্টিক গুণে ক্ষতিকাৰক বেক্টেৰিয়াক নাশ কৰাত সহায় কৰে। ই ছালত থকা অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰি ছালখন কোমল কৰি তোলে। শুকান ছালকো সজীৱ কৰি তুলে।