ডিজিটেল ডেস্কঃ মাখানাত বহুতো উৎকৃষ্ট পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াত মেগনেছিয়াম, পটাছিয়াম, এণ্টি অক্সিডেণ্ট, প্ৰটিন, কাৰ্বহাইড্ৰেট, ফাইভাৰ, আইৰণ আৰু জিংক আদি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়। সেয়েহে স্বাস্থ্যৰ বাবে মাখানা অতি উপকাৰী। কিন্তু জানেনে, ইয়াৰ প্ৰকৃতি কি, ইয়াক খোৱাৰ কি উপকাৰিতা আৰু দিনটোত কিমান গ্ৰাম মাখানা খাব লাগে? জানি লওঁ আহক...
মাখানাৰ প্ৰকৃতি কি?
মাখানাৰ শীতল প্ৰভাৱ থাকে। ই শৰীৰক শীতলতা প্ৰদান কৰাৰ লগতে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে। ইয়াৰ ঠাণ্ডা প্ৰভাৱৰ বাবে কিছুমান বিশেষ পৰিস্থিতিত ইয়াক সাৱধানে সেৱন কৰিব লাগে। ১০০ গ্ৰাম মাখানাত ৩৫০ কেলৰি থাকে। ইয়াৰ উপৰিও ইয়াত ৯.৭ শতাংশ প্ৰটিন, ৭৬ শতাংশ কাৰ্বহাইড্ৰেট, ১২.৮ শতাংশ আৰ্দ্ৰতা, ০.১ শতাংশ স্বাস্থ্যকৰ চৰ্বি, ০.৫ শতাংশ ছডিয়াম, ০.৯ শতাংশ ফছফৰাছ আৰু ১.৪ মিলিগ্ৰাম আইৰণ, কেলচিয়াম, এচিড আৰু ভিটামিন ভি প্ৰচুৰ পৰিমাণে পোৱা যায়।
এই ৰোগবোৰৰ বাবে উপকাৰী
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাখানা সেৱন অতি উপকাৰী। আয়ুৰ্বেদৰ মতে ইয়াৰ দৈনিক সেৱন খাদ্যত অন্তৰ্ভুক্ত কৰি বাতবিষৰ বিষ, শাৰীৰিক দুৰ্বলতা, হৃদৰোগ, অনিদ্ৰা আৰু লগতে ডায়েৰিয়া ৰোধ কৰিব পৰা যায়। মানসিক চাপ, উদ্বেগ আৰু অনিদ্ৰা আদি সমস্যাত ভুগি থকাসকলৰ বাবে মাখানা খোৱাটো তেওঁলোকৰ ভাল টোপনিৰ বাবে স্বাস্থ্যকৰ বুলি কোৱা হয়। ই ওজন কমাবলৈ সহায়ক, হাড় মজবুত কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী।
মাখানা খোৱাৰ সঠিক সময়
দিনটোৰ যিকোনো সময়তে মাখানা সেৱন কৰিব পাৰে। ৰাতিপুৱা আৰু গধূলিৰ খাদ্যৰ লগতে দুপৰীয়া বা ৰাতিৰ আহাৰতো খাব পাৰে। আঁহযুক্ত এই ছুপাৰফুডে আপোনাৰ পেটটো দীৰ্ঘসময় ধৰি ভৰাই ৰাখিব। দিনটোত ১০০ গ্ৰাম অৰ্থাৎ এমুঠিৰ পৰা দুমুঠি মাখানা খোৱাটো শুদ্ধ বুলি বিবেচিত হয়।
গতিকে আপোনাৰ খাদ্য তালিকাত মাখানা যোগ কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক।
Leave A Comment