• ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ সু-খবৰ, জিলাই জিলাই অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী টুৰ্ণামেন্ট

    ক্ৰীড়া
    ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ সু-খবৰ, জিলাই জিলাই অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী টুৰ্ণামেন্ট
    ডিজিটেল ডেস্কঃ এক সুখবৰ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ! এইবাৰ ৰাজ্য জিলাই জিলাই অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্ট৷ জানিব পৰা মতে জিলা পৰ্যায়ত ২৯ জানুৱাৰীৰ পৰা ৩৫জিলাত আৰম্ভ হ'ব খেল৷

    জিলা পৰ্যায়ৰ ২৮০ টা ক্লাবে অংশগ্ৰহণ কৰিব টুৰ্ণামেন্টখনত৷ আৰু বৰদলৈ ট্ৰফী টুৰ্ণামেন্টত অৱতীৰ্ণ হ'ব ৮৪০০ খেলুৱৈ৷ জিলা পৰ্যায়ৰ পিছত ক্লাষ্টাৰ ৰাউণ্ড অনুষ্ঠিত হ’ব৷ ডিমা হাছাওত ৪ ফেব্ৰুৱাৰী আৰু চিৰাংত ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব খেল৷পৰৱৰ্তী পৰ্যায়ৰ খেল সমূহ গুৱাহাটীত অনুষ্ঠিত হ’ব বুলি জনাইছে আয়োজকে৷ 

    গুৱাহাটী প্ৰিমিয়াৰ লীগৰ ফাইনেলিষ্ট দল দুটিয়ে পোনে পোনে অংশগ্ৰহণ কৰিব পাৰিব বৰদলৈ ট্ৰফী ফুটবলত৷আৰু ১৬ টা দলৰ মাজত অনুষ্ঠিত হব তৃতীয় ৰাউণ্ডৰ খেল৷

    জিলা পৰ্যায়ৰ চেম্পিয়ন দলে ১ লাখ টকাৰ প্ৰাইজমানি লাভ কৰিব, ক্লাষ্টাৰ ৰাউণ্ডৰ চেম্পিয়ন দললৈ আগবঢ়োৱা হ’ব আঢ়ৈ লাখ টকাৰ প্ৰাইজমানি৷ জিলা পৰ্যায়ৰ আৰু ক্লাষ্টাৰ ৰাউণ্ডত প্ৰতিটো দলে অনুৰ্ধ্ব ১৯ ৰ দুজনকৈ খেলুৱৈ ৰখাটো বাধ্যতামূলক বুলি জনাইছে৷

    প্ৰতিযোগিতাখনত অনুষ্ঠিত হ’ব মুঠ ৬১০ খনকৈ খেল৷ প্ৰতিযোগিতাৰ চেম্পিয়ন দলে লাভ কৰিব ১০ লাখ আৰু ৰাণাৰ্চআপ দলে লাভ কৰিব ৫ লাখ টকাৰ প্ৰাইজমানি৷প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ বাবে থাকিব গ'ল্ডেন বুট, গ'ল্ডেন গ্লভচ,ফেয়াৰ প্লেয়াৰকে ধৰি বিভিন্ন বঁটা৷

    গুৱাহাটীৰ ছাই প্ৰকল্পত অনুষ্ঠিত হ’ব কামৰূপ (মহানগৰ)জিলাৰ জিলা পৰ্যায়ৰ খেলসমূহ৷ জজ ফিল্ডত অনুষ্ঠিত হ’ব ফাইনেল ৰাউণ্ডৰ খেলসমূহ৷ গুৱাহাটীত খেলিব NRL ফুটবল একাডেমী, গুৱাহাটী টাউন ক্লাব, সোণাপুৰ স্পৰ্টচ ক্লাৱকে ধৰি ৮ টাকৈ দলে। প্ৰতিযোগিতাখন অনুষ্ঠিতৰ ক্ষেত্ৰত খৰচ বহন কৰিব গুৱাহাটী ক্ৰীড়া সন্থাই। প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ পূৰ্বে বেষ্ট অৱ ইউ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন হয় গুৱাহাটী ক্ৰীড়া সন্থাৰ। আজি গুৱাহাটী ক্ৰীড়া সন্থাই এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে৷